বাংলাদেশ-চীন সীমান্তৰ গুপ্ত তথ্য সৰবৰাহ কৰি ধৰা পৰিল ISI গুপ্তচৰ

IMG 20260323 150610

ISI Spy Arrested:✒️পোহৰলৈ আহিছে এক ডাঙৰ গুপ্তচৰ কাণ্ড । ভাৰতীয় বায়ুসেনাৰ চাবুৱা ঘাঁটিত কৰ্মৰত এজন অসামৰিক কৰ্মচাৰীকে পাকিস্তানৰ ISI-ৰ গুপ্তচৰ হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃতজনৰ নাম সুমিত কুমাৰ।

তথ্য অনুসৰি, সুমিত কুমাৰে ২০২৩ চনৰ পৰা বায়ুসেনাৰ ঘাঁটিত মাল্টি-টাস্কিং ষ্টাফ হিচাপে কাম কৰি আছিল। কিন্তু গোপনে তেওঁ উত্তৰ-পূৰ্ব আৰু পূৰ্ব ভাৰতৰ সংবেদনশীল সামৰিক তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰি আছিল।

চোৰাংচোৱা সংস্থাই জনোৱা মতে, এই তথ্যসমূহত যুদ্ধবিমান, মিছাইল আৰু সীমান্তত নিৰ্মাণ হৈ থকা সামৰিক পৰিকাঠামো দৰে অতি গুৰুত্বপূর্ণ তথ্য অন্তৰ্ভুক্ত আছিল। বিশেষকৈ বাংলাদেশ আৰু চীন সীমান্তত থকা প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়ে তথ্য ধৃতজনৰ জৰিয়তে বিদেশলৈ গৈ আছিল।

এই ঘটনাৰ সূত্ৰপাত হয় ৰাজস্থানত ধৰা পৰা আন এজন পাকিস্তানী গুপ্তচৰৰ জেৰাৰ পৰা। তাৰ পাছতেই তদন্তকাৰী সংস্থাই অনুসন্ধান চলাই অসমৰ চাবুৱা বায়ুসেনা ঘাঁটিৰ পৰা সুমিত কুমাৰক গ্ৰেপ্তাৰ কৰে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, ধৃতজন প্ৰায় দুই তিনি বছৰ ধৰি নিয়মিতভাৱে গুপ্ত তথ্য সৰবৰাহ কৰি আহিছিল আৰু তাৰ বিনিময়ত লাখ লাখ টকা লাভ কৰিছিল। তেওঁৰ ব্যৱহৃত ইলেক্ট্ৰনিক ডিভাইচৰ পৰা বহু গুৰুত্বপূর্ণ তথ্য উদ্ধাৰ কৰা হৈছে ।

এই ঘটনাই দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সংবেদনশীল সীমান্ত অঞ্চলত এই ধৰণৰ গুপ্তচৰ কাৰ্যকলাপে সুৰক্ষা ব্যৱস্থাৰ ওপৰত অধিক চাপ সৃষ্টি কৰিছে।

Exit mobile version