Artificial Flood in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰিলে এজাক মুষলধাৰ বৰষুণে ৷ মহানগৰীৰ বাবে যে বৰষুণ এতিয়া সপোন নহয়, সীমাহীন দুদৰ্শাহে সেয়া পুনৰ প্ৰমাণিত হ’ল মঙলবাৰৰ বিয়লিৰ এজাক বৰষুণত ৷ বিয়লি অহা মাত্ৰ এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য ৷ পুনৰ এবাৰ উন্মোচন হ’ল তথাকথিত স্মাৰ্ট চিটিৰ ফোঁপোলা স্বৰূপ ৷
মঙলবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত সমগ্ৰ মহানগৰী প্ৰায়বোৰ বুৰ গ’ল কৃত্ৰিম বানত ৷ মহানগৰীৰ৷সদাব্যস্ত ৱাৰলেছ ,কাহিলীপাৰাৰ জটিয়া , হাতীগাওঁ,চিজুবাৰী , বেলতলা ৰাজগড়কে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হ’ল ৷ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু ব্যৱস্থাক ভেঁঙুচালি কৰি জটিয়া ,ৱাৰলেছত একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে মহানগৰীত ৷
মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও গুৱাহাটীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে ৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৃত্ৰিম বান ৰোধ কৰাৰ বাবে অত্যাধুনিক তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ৷
উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত ৷ কৃত্ৰিম বানে এক প্ৰকাৰ নৰক সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাবে পৰিচিত হোৱা চহৰখনত ৷ শাসনলৈ অহাৰ পিচতে প্ৰতিখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দি ভাষণৰ ফুলজাৰি মাৰে যদিও সেয়া ফুটুকাৰ ফেনতহে পৰিণত হয় ৷ বিগত সময়ছোৱাত মহানগৰীখনত কৃত্ৰিম বানে ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে, কেবাজনো নিৰীহ লোকে প্ৰাণো হেৰুৱাব লগা হৈছে ৷ ইমানৰ পাচতো কিন্তু কোনো এখন চৰকাৰে ফলপ্ৰসূ ব্যৱস্থাৰে গুৱাহাটীৰ বাসিন্দাৰ জীৱন নৰকসদৃশ কৰি তোলা এই সমস্যাৰ সমাধানত ব্যৰ্থ হৈছে ৷
