BJP Candidate Dhiraj Gowala campening at Titabar:তিতাবৰত কংগ্ৰেছৰ দুজন প্ৰাৰ্থী আছে। এজন প্ৰাণ কুৰ্মী আৰু অন্যজন ভাস্কৰজ্যোতি বৰুৱা : ধীৰাজ গোৱালা

WhatsApp Image 2026 03 26 at 2.48.58 PM

BJP Candidate Dhiraj Gowala campening at Titabar :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–তিতাবৰত কংগ্ৰেছৰ দুজন প্ৰাৰ্থী আছে। এজন প্ৰাণ কুৰ্মী আৰু অন্যজন ভাস্কৰজ্যোতি বৰুৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তিতাবৰৰ বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই I

আজি তিতাবৰত বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি দুয়োজনকে সমালোচনা কৰি কয় – তিতাবৰত কংগ্ৰেছে আচল আৰু নকল দুখন মুখেৰে নিৰ্বাচন খেলিছে। ভাস্কৰজ্যোতি বৰুৱা পাঁচ বছৰৰ বিধায়ক, কিন্তু টিকট দিলে প্ৰাণ কুৰ্মীক। ভাস্কৰজ্যোতি বৰুৱা নিৰ্দলীয় প্ৰাৰ্থী। এতিয়া কোনগৰাকী আচল আৰু কোনগৰাকী নকল তিতাবৰৰ মানুহে ধৰিব পৰা নাই।

তিতাবৰৰ মানুহৰ বাবে দুয়ো গৰাকীৰে কৰ্মদক্ষতাৰ বিষয়ে জানে। ভাস্কৰজ্যোতি বৰুৱাই পাঁচবছৰ বিধায়ক হৈ থাকি একো কৰিব নোৱাৰিলে অন্যহাতে তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত প্ৰাণ কুৰ্মীৰ দুৰ্নীতিৰ বিষয়ে মানুহক নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই।

Exit mobile version