Gaurav- Lurin’s joint campaign:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ মিত্ৰজোটৰ প্ৰচাৰাভিযান তীব্ৰতৰ হৈ উঠিছে ৷ নামনি অসমত বুধবাৰে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে সৰুভোগ- ভৱানীপুৰ-মন্দিৰা- চেঙাত বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলাই ৷ আনহাতে সৰুভোগত চিপিএমৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ এক বৃহৎ নিৰ্বাচনী সভাত অংশ লৈ একপ্ৰকাৰ দুয়োগৰাকী নেতাই চুনামী সৃষ্টি কৰে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়,আজি সৰুভোগ- ভৱানীপুৰতো ৰাইজে দেখিলেে ৷
অসমৰ সকলো প্ৰান্ততে জণগণে বিজেপিৰ ভ্ৰষ্টাচাৰী শাসন , সাম্প্ৰদায়িককতাৰ ঘৃণাৰ ৰাজনীতি, জণগনক বিভিন্ন ধৰণে কৰ- কাটলৰ বোজা জাপি দি অত্যাৱশ্যকীয় সা- সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৫৩ বছৰৰ বিদেশী বোজা জাপি দি ২৭ খন টোলগেটৰ বোজা জাপি দি,২ লাখ ১৬ হেজাৰ কোটি ঋণৰ বোজা দিলে,৫০ হেজাৰ বিঘা মাটি আম্বানি- আদানী আৰু ৰামদেৱক জাপি দিবলৈ যেতিয়া ষড়যন্ত্ৰ কৰিলে আৰু হিতাধিকাৰী আঁচনিৰ নামত মহিলা লাইন কৰোৱাই কৰোৱাই ৰেগিং কৰাদি তেওঁলোকক নিৰ্বাচনী সভাবোৰত প্ৰচাৰ চলাই তেঁওলোকক টকা- পইচা দিলে তাৰ মাজতে বহু মহিলা ৰোগাক্ৰান্ত হৈ মৃত্যু মুখত পৰিলে ৷এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে ৷ চুনামী আৰম্ভ হৈছে ৷ আজি ইয়াত যি পৰিবেশ দেখিছে ৷এইয়া ধুমুহা নহয় ৷লাহে লাহে চুনামী ৰূপ ধাৰণ কৰিব। এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হ’ব ৷ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব ৷
জুবিনৰ মৃত্যু ছিংগাপুৰ আৰক্ষীয়ে দুৰ্ঘটনা বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি কৈ মানুহক বিভ্ৰান্ত কৰিছে বুলি উল্লেখ কৰি লুৰিণজ্যোতিয়ে কয়,জুবিন দাক এইখন চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব বুলি কৈছিল কিন্তু আজিলৈকে কোনো ন্যায় প্ৰদান কৰাত ব্যৰ্থ চৰকাৰ। আমাৰ দলৰ চৰকাৰ হ’লে আমি ৯০ দিনত জুবিন গাৰ্গৰ হত্যা ন্যায় প্ৰদান কৰিম।
আনহাতে গৌৰৱ গগৈয়েও সাংবাদিকক আগত ড:হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ কামকাজক লৈ সৰৱ হৈ পৰে ৷ এই সন্মুখত প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীয়ে কয়, মনোৰঞ্জন তালুকদাৰৰ তেখেতৰ ভাগ্য ভাল ৷যিহেতু বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত প্ৰথম সভাত য’ত আমিবোৰ গোটেইবোৰ একত্ৰিত হৈছো ৷ সেয়া হ’ল মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী সভা ৷ তেওঁৰ ভাগ্য যথেষ্ট ভাল । তেওঁ পুনৰ সৰুভোগ- ভৱানীপুৰৰ বিধায়ক হ’ব ৷
জুবিন গাৰ্গ মৃত্যু গোচৰ সন্দৰ্ভত ছিংগাপুৰ আদালতে স্বাভাৱিক মৃত্যু বুলি ৰায় দিয়াৰ সম্পৰ্কত কয় অসম আৰু ভাৰত চৰকাৰে ছিংগাপুৰৰ স’তে ইমানবোৰ আলোচন কৰাৰ পিছত এনে এটা ৰায়দানে সকলোকে নিৰাস কৰিলে।
শিৱসাগৰত বিৰোধী মিত্ৰতা সম্পূৰ্ণ হৈ যোৱাৰ পিছত বিশেষকৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অংক মিলা নাই ৷তাৰ বিভিন্ন ধৰণৰ প্ৰমাণ পাইছো ৷ হিমন্ত বিশ্ব শৰ্মাৰ ফেচীবাদী শাসনৰ প্ৰমাণ যে আজি লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰা হৈছে ৷ তেওঁ কাক ভাবুকি দিবলৈ বিচাৰিছে। এইয়া শিৱসাগৰত সীমাবদ্ধ হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মাই এই কাণ্ডৰ জৰিয়তে অসমৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি আক্ৰমণ কৰিলে ৷ইয়াক আমি গৰিহণা দিছো ৷
আনহাতে আমি বিৰোধী দলৰ মাজত মিত্ৰতা কৰিবলৈ সক্ষম হলো |অসমৰ জনসাধাৰণে বিৰোধী দল ঐক্যৱদ্ধ হোৱাটো বিচাৰিছিল |কংগ্ৰেছৰ নেতৃত্বত ঐক্যৱদ্ধ চৰকাৰ হব |এখন নতুন বৰ অসম বিচাৰিছো. |নতন অসম সেইদিনাই গঠন হব যিদিনা হিমন্ত বিশ্বক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আতৰাই পঠাম |বিজেপি চৰকাৰ গুছি গলে বিজেপি ত্যাগ কৰা প্ৰথম মানুহজন হ’ব হিমন্ত |
