ইজৰাইল লক্ষ্য কৰি হৌথি বিদ্ৰোহীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

ইৰাণত আঘাত অব্যাহত, মধ্যপ্ৰাচ্য সংঘাতত নতুন মোড়

ynU4sXe1aurgh9nICju9c5Cf rOTZHK3i8HulBVgjvrUHxl4XsvQ vAC5QDeD27R7U1 nIGzNY2r2BnqMbGkBFaZCUWtzF xHMZ0gjqz0FxRTHARVEcMfAz3yfFHHS44F vZu OGPCO3y56

Iran:✒️ইৰাণক লক্ষ্য কৰি চলি থকা সামৰিক আঘাতৰ মাজতে সংঘাতটোত এইবাৰ যোগ হৈছে নতুন মাত্ৰা । ইয়েমেনৰ ইৰাণ-সমৰ্থিত হৌথি(Houthis)বিদ্ৰোহী গোটে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছে।

হৌথি পক্ষৰ দাবী অনুসৰি, তেওঁলোকে ইজৰাইলৰ কিছুমান গুৰুত্বপূৰ্ণ লক্ষ্যবস্তুৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। আনহাতে ইজৰাইল (Israel) কৰ্তৃপক্ষই জনাইছে যে এই আক্ৰমণসমূহৰ কিছুমান তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে।

এই আক্ৰমণটো এনে সময়ত সংঘটিত হৈছে, যেতিয়া ইৰাণৰ (Iran)ওপৰত চলি থকা আঘাত আৰু প্ৰতি-আঘাতে ইতিমধ্যে অঞ্চলটোত সংঘাতৰ পৰিসৰ বৃদ্ধি কৰিছে। হৌথিসকলে স্পষ্টকৈ জনাইছে যে, ইৰাণ আৰু আন মিত্ৰ শক্তিসকলৰ ওপৰত চলি থকা অভিযানৰ প্ৰতিক্ৰিয়াস্বৰূপে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এই ঘটনাক বিশেষজ্ঞসকলে মধ্যপ্ৰাচ্য সংঘাতৰ এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন হিচাপে চিহ্নিত কৰিছে। কিয়নো, ইয়াৰ ফলত সংঘাতটো এতিয়া কেৱল দুটা দেশত সীমাবদ্ধ নাথাকি বহুমুখী আঞ্চলিক সংঘাতলৈ পৰিণত হোৱাৰ আশংকা দেখা গৈছে।

ইফালে, অঞ্চলটোত সামৰিক উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। বিভিন্ন দিশত ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণ অব্যাহত থকাৰ ফলত সাধাৰণ জনজীৱনতো অনিশ্চয়তাৰ ছাঁ পৰিছে।

বিশ্ব পৰ্যায়ে এই পৰিস্থিতিৰ ওপৰত গভীৰ নজৰ ৰখা হৈছে, কিয়নো এই সংঘাত অধিক বিস্তৃত হ’লে তেল যোগান, বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব পাৰে।

Exit mobile version