Dispur Campaign:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বতৰে সময়ে সময়ে বিধি পঠালি দিলেই ৰাজ্যৰ অন্যতম মৰ্যাদা সম্পন্ন সমষ্টি হিচাপে পৰিচিত দিছপুৰত নিৰ্বাচনী উত্তাপ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ শাসক- বিৰোধী সহ নিৰ্দলীয় প্ৰাৰ্থীয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰাভিযান।
এইবাৰ ৰাজ্যবাসীৰ বাবে দৃষ্টি নিবদ্ধ হৈ থকা দিছপুৰত শাসকীয় বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে সদ্য প্ৰাক্তন নগাঁও লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ নিৰ্বাচনৰ দিন ঘোষণা দুদিনমানৰ পিছতে হঠাতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ আনকি ন-বিজেপি বৰদলৈয়ে লাভ কৰে দিছপুৰৰ দলীয় টিকট ৷ বৰদলৈয়ে টিকট লাভহকৰাৰ পিচতে সোচ্ছাৰ হৈ পৰে দিছপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰা আৰু অন্যতম টিকট প্ৰত্যাশি জয়ন্ত কুমাৰ দাস ৷
বৰ্ষীয়ান ৰাজনীতিক অতুল বৰাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ দিয়াৰ সমান্তৰালভাৱে জয়ন্ত কুমাৰ দাসে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ তিৰ্যক মন্তব্য কৰি নিৰ্দলীয় ৰূপত নিৰ্বাচন খেলাৰ কথা মুকলিকৈ ঘোষণা কৰিছিল ৷
অৱশ্যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই অতুল বৰাক তেওঁৰ ঘৰত উপস্থিত হৈ নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকাত প্ৰতিয়ন নিয়াৰ যদিও বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ড: সম্বিদ পাত্ৰই জয়ন্ত কুমাৰ দাসক সাক্ষাৎ কৰি নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতাৰ আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ পিছতো অৱশেষত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ জমা দিয়ে ৷
মনোনয়ন পত্ৰ জমা দিয়াৰ পূৰ্বে বিজেপি ত্যাগ কৰে যদিও পিছত দলৰ পৰা ছবছৰৰ বাবে বহিস্কাৰ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে।
এনে অনাকাংক্ষিত পৰিবেশৰ মাজতে বিজেপিৰ দিছপুৰৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুৎ বৰদলৈয়ে মনোনয়ন জমা দিয়াৰ পিছতে প্ৰচাৰাভিযান অব্যাহত ৰাখে ৷ শনিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব’ কৰাৰ পিছতে তীব্ৰগতি লাভ কৰে বৰদলৈৰ প্ৰচাৰাভিযান । সমষ্টিটোৰ অলিয়েগলিয়ে বিভিন্ন লোকক সাক্ষাৎ কৰাৰ লগতে ঠায়ে-ঠায়ে অনুষ্ঠিত কৰি গৈছে প্ৰচাৰ সভা ৷ দেওবাৰে নিৰ্বাচনী প্ৰচাৰত দিছপুৰ সমষ্টিৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰা প্ৰদ্যুৎ বৰদলৈয়ে কয়, মঙলবাৰে বেলতলাৰ পূবেৰুণ সংঘৰ বাকৰিত অনুষ্ঠিত হ’ব লগা এক জনসভাত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলি জানিব দিয়ে বৰদলৈয়ে ৷
