Pm Modi Election Rally in Bihali:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৷ দুপৰীয়া গোগামুখত বিশাল সভা সম্বোধন কৰাৰ পিছতে বায়ুসেনাৰ হেলিকপ্টাৰেৰে বিয়লি বিশ্বনাথৰ বিহালীত উপস্থিত হয় ৷ প্ৰায় কে’বা সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত উপস্থিত হৈ উদাত্ত ভাষণৰ অধিক সময় কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে ৷ শেহতীয়াকৈ মধ্য প্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ মাজতে খাৰুৱা তেল উৎপাদনত অসমে নতুন ৰেকৰ্ড গঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, তেল-গেছৰ সংকটৰ সময়ত দেশক সকাহ দিছে অসমে৷
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় ,বিগত ৰাজ্যৰ ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালছোৱাত অসমৰ বনাঞ্চলৰ লগতে এশিঙীয়া গঁড়কো ৰেহাই দিয়া নাছিল ৷বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত প্ৰায়ে হত্যা হৈছিল অসম গৌৰৱ এশিঙিয়া গড় ৷ আৰু আজি কাজিৰঙাত মুক্তমনে গড়ে বিচৰণ কৰিছে নিৰ্ভয়ে ৷
অসমত বাৰিষাকালত হোৱা বানপানী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়,অসমৰ বান খহনীয়া ৰোধৰ বাবে কেন্দ্ৰই ব্যয় কৰিব প্ৰায় ১৮ হাজাৰ কোটি টকা ৷ একেদৰে ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই ৷ ১৮,৫০০ কোটি টকাৰে এই টানেল নির্মাণ কৰা হ’ব৷ ইয়াৰ ফলস্বৰূপে হ্রাস পাব নমলীগড়-গহপুৰৰ দূৰত্ব ৷
এনেদৰেই অসমৰ উন্নয়নৰ চকৰী ঘূৰিব দিল্লী- দিছপুৰৰ ডাবোল ইঞ্জিন চৰকাৰৰ জৰিয়তে ৷ সেয়েহে উন্নয়ন তৰাম্বিত কৰিবৰ বাবে আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰি ব্ৰহ্মপুত্ৰলৈ নিক্ষেপ কৰক কংগ্ৰেছ ৷খিলঞ্জীয়া বিৰোধী কংগ্ৰেছক বিদায় দিয়ক ৷ এইয়া সময়ৰ আহ্বান ৷
বিশাল সভাখনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংসদ ৰনজিৎ দত্ত ,পল্লৱলোচন দাস,পৃথ্বীৰাজ ৰাভা সহ মিত্ৰজোঁটৰ আটাইকেই গৰাকী প্ৰাৰ্থী।
