ৰাজ্যত শৃংখলা বজাই ৰখা আৰু নিৰ্বাচনী পৰিস্থিতি সুস্থিৰ কৰি ৰাখিবলৈ সাত এপ্ৰিলৰ পৰা ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি, সাত এপ্ৰিলৰ সন্ধিয়া পাঁচ বজাৰ পৰা এই নিষেধাজ্ঞা বলবৎ হ’ব।
এই ড্ৰাই ডে’ ন এপ্ৰিলৰ সন্ধিয়া পাঁচ বজালৈকে বাহাল থাকিব। এই সময়ছোৱাত ৰাজ্যজুৰি সুৰা বিক্ৰী, বিতৰণ আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
প্ৰশাসনে স্পষ্টকৈ জনাইছে যে, নিৰ্দেশনা উলংঘন কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট বিভাগসমূহক সজাগ কৰি ৰখা হৈছে।
এই ব্যৱস্থাই ৰাজ্যত শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাত সহায় কৰিব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।
