AAP removes Raghav Chadha as party’s RS deputy leader:ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতি ৰাঘৱ চাদ্দাক অপসাৰণ

অশোক মিত্তলক উপ-দলপতিৰ দায়িত্ব

WhatsApp Image 2026 04 02 at 4.30.14 PM 1

AAP removes Raghav Chadha as party’s RS deputy leader:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যসভাত শেহতীয়াকৈ কেতবোৰ স্পৰ্শকাতৰ বিষয়ৰ লগতে সাধাৰণ মানুহৰ সমস্যাৰ বাবে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি থকা বলিষ্ঠ যুৱ সাংসদ ৰাঘৱ চাদ্দাক ঘটনাক্ৰমে ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতি পদৰ পৰা অপহৰণ কৰি সেই স্থানত স্থলাভিষিক্ত কৰে আপৰ পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ অশোক মিত্তলক ৷

উল্লেখ্য যে ,আম আদমী পাৰ্টিয়ে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ লিখি সদনৰ উপ-নেতা ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ লগতে দলটোৱে নিজৰ পত্ৰত আৰু উল্লেখ কৰিছে যে আপৰ কোটাৰ পৰা ৰাঘৱ চাদ্দাক কথা ক’বলৈ সময় দিয়া উচিত নহয়।

উপ- দলপতিৰ নতুন দায়িত্ব লাভ কৰা অশোক মিত্তল আম আদমী পাৰ্টিৰ পঞ্জাৱৰ সাংসদ। ২০২২ চনৰ এপ্ৰিল মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা পিছতে প্ৰতিৰক্ষা সমিতি আৰু বিত্ত সমিতিকে ধৰি কেইবাখনো সংসদীয় সমিতিত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত-আমেৰিকা সংসদীয় বন্ধুত্ব গোটৰ সদস্য হিচাপেও নিযুক্তি লাভ কৰিছিল।

অপাৰেচন সিন্দূৰৰ ডি এম কেৰ সাংসদ কানিমোজিৰ নেতৃত্বত ৰাছিয়া, লাটভিয়া, স্লোভেনিয়া, গ্ৰীচ আৰু স্পেইনলৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশ আছিল অশোক মিট্টাল।

আনহাতে ২০২২ চনৰ এপ্ৰিলৰ পৰা সংসদৰ সদস্য হিচাপে থকা কাৰ্যনিৰ্বাহ কৰি থকা ৰাঘৱ চাদ্দাই শেহতীয়াকৈ ৰাজ্যসভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ যোৱা মাহত ৰাঘৱে পঞ্চায়ত পৰ্যায়ত “সৰপঞ্চ পাতি” বা “পঞ্চায়ত পাতি”ৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ উল্লেখ কৰে যে মহিলা সৰ্পঞ্চৰ বাবে সংৰক্ষিত পঞ্চায়তৰ আসনত প্ৰকৃত ক্ষমতা তেওঁলোকৰ স্বামী বা পুৰুষ আত্মীয়ৰ ওপৰত। সংবিধানৰ ৭৩ সংখ্যক সংশোধনীৰ অধীনত মহিলা প্ৰতিনিধিয়ে প্ৰদান কৰা অধিকাৰ যাতে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰক দাবী জনায়।

আনকি সংসদত ৰাঘৱ চাদ্দাই ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়টোও উত্থাপন কৰে। তেওঁ কয় যে এই বিষয়টো স্বাস্থ্য, শিক্ষা, আৰু সমতাৰ বিষয় যিয়ে ভাৰতৰ ৩৫ কোটিৰো অধিক মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰে।

চাদ্দাই কয় যে যদিহে ছোৱালীয়ে কেৱল চেনিটেৰী পেড, পানী, গোপনীয়তাৰ অভাৱৰ বাবেই স্কুল এৰি দিয়ে, তেন্তে সেয়া ব্যক্তিগত ব্যৰ্থতা নহয়, সমাজৰ ব্যৰ্থতাহে। তেওঁ কয়, “সমাজে এটা জৈৱিক তথ্যক সামাজিক নিষেধাজ্ঞালৈ ৰূপান্তৰিত কৰিছে।”

Exit mobile version