নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

ভাষাহীন ভালপোৱাৰ নিদৰ্শন দেখা পালে কর্ণাটকবাসীয়ে

Karnataka:✒️মানুহ আৰু বান্দৰৰ বন্ধুত্বৰ কথা আছে ৰামায়ণত। কোনে পাহৰিব ৰামচন্দ্ৰৰ বানৰসেনা কথা। তদুপৰি বন্ধুত্বৰ কোনো বয়স বা ভাষা নাথাকে। হনুমান জয়ন্তীৰ পূর্বে পোহৰলৈ আহিছে তেনে এক বন্ধুত্বৰ কাহিনী, যি বহুতকে মুগ্ধ কৰিছে।

কৰ্ণাটকৰ এগৰাকী ৮৫ বছৰীয়া বৃদ্ধাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা দেখা গ’ল এটা বান্দৰক। অঞ্চলটোৰ সকলোৱেই পর্বতাম্মা নামৰ অশীতিপৰ বৃদ্ধাক কপিকুলৰ বন্ধু বুলিয়েই জানিছিল।

সেই বৃদ্ধাৰ অন্তিম যাত্রাতে দেখা গ’ল এক চকুলো নিগৰি আহিব পৰা দৃশ্য। প্রাণহীন পৰ্বতাম্মাৰ মূৰৰ কাষত শোকত বিহ্বল হৈ বহি আছে এটা বান্দৰ। এটা সময়ত বান্দৰটোৱে বৃদ্ধাৰ দুহাত সাবটি ধৰি শেষবাৰৰ বাবে নিজৰ ভালপোৱাও প্রকট কৰে।

একাংশ প্রত্যক্ষদর্শীয়ে দাবী কৰিছে যে বান্দৰটোৰ চকুৰ পৰা চকুপানী ওলাই আছিল। ইতিমধ্যে ভাইৰেল হোৱা উক্ত ভিডিঅ’ প্রত্যক্ষ কৰি বহুতেই আবেগিক হৈ পৰিছে।

এই ঘটনা কৰ্ণাটকৰ ৰায়াৰা ৰেড্ডী নামৰ অঞ্চলৰ। স্থানীয় বাসিন্দাসকলে বৃদ্ধা পর্বতাম্মাক বান্দৰপ্ৰেমী বুলিয়েই জানিছিল। বিগত কিছু বছৰ ধৰি তেওঁ বান্দৰবোৰক আহাৰ যোগান ধৰি আহিছিল। এইদৰেই অঞ্চলটোৰ গছে গছে জঁপিয়াই ফুৰা ‘বানৰসেনা’ৰ স’তে বৃদ্ধাৰ গভীৰ আত্মিক সম্পর্ক গঢ়ি উঠিছিল।

পর্বতাম্মাৰ প্রতিবেশীসকলে দাবী কৰে যে খাদ্য দিয়াৰ সমান্তৰালকৈ বৃদ্ধাই বান্দৰবোৰক মৰমো কৰিছিল। ওলোটাই মৰম দেখুৱাইছিল বান্দৰবোৰেও। উভয় পক্ষৰ সম্পৰ্ক যে অগভীৰ নাছিল, ভাইৰেল হোৱা ভিডিঅ’ত সেয়াই প্রমাণ হৈছে।ভিডিঅ’ত দেখা গৈছে যে পৰ্বতাম্মাৰ ঘৰৰ চোতালত তেওঁৰ মৃতদেহ অন্তিমযাত্ৰাৰ বাবে সাজু কৰা হৈছে।

শেষকৃত্যৰ পূৰ্বে তাতেই আত্মীয়-প্রতিবেশী লোকৰ সমাগম হৈছিল। তেতিয়াই এটা বান্দৰ আহি তাত উপস্থিত হয়। চিধাই গৈ বান্দৰটোৱে মৃতদেহ সজাই ৰখা ভাৰখনত উঠি বহি ল’লে আৰু শেষবাৰৰ বাবে সাৱটি ধৰি তেওঁক আদৰ কৰিলে। বহু সময় ধৰি চলচলীয়া চকুৰে বান্দৰটোৱে চাই থাকি এটা সময়ত ‘বন্ধু’ৰ বুকুত মূৰ পেলাই দিয়ে।

যেন ইমানদিনৰ সম্পৰ্কৰ বাবে কৃতজ্ঞতাহে ব্যক্ত কৰিলে।ইতিমধ্যে এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াত বহুতেই মন্তব্য কৰিছে যে মানুহে উপকাৰ পাহৰিব পাৰে; কিন্তু পশুবোৰ কেতিয়াও অকৃতজ্ঞ নহয়। এজনে লিখিছে, ‘বান্দৰটোৱে যিদৰে বৃদ্ধাক সাৱটি ধৰিছিল, সিয়েই দেখুৱাই দিয়ে যে ভালপোৱাৰ ভাষা সকলোৱেই বুজি পায়।’ আন এজনে লিখিছে, ‘সিহঁতেই প্রকৃত মানুহ, আমিহে সিহঁতক প্রাণী বুলি কওঁ।’

Exit mobile version