এপোৱা চাউল, টকা ১০ টা ৰাখা, নিৰ্বাচনত ব্যয় কৰিবা!

IMG 20260405 112150

‘এপোৱা চাউল, টকা ১০ টা ৰাখা, নিৰ্বাচনত ব্যয় কৰিবা!’ বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত হৈ নির্দলীয়ৰূপে চলিত বিধানসভা নিৰ্বাচনৰ ৰণত অৱতীৰ্ণ হোৱা কলিয়াবৰ সমষ্টিৰ জিতেন গৌড়ক এনেদৰে কৈ এগৰাকী মহিলাই হাতত তুলি দিলে এই বৰঙণি।

গৌড়ৰ সমৰ্থনত গভীৰ আকৃতিয়ে থিয় দিয়া এই মহিলাগৰাকীৰ নাম নির্মালি তাঁতী। উল্লেখ্য যে এইবাৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী কেশৱ মহন্তৰ সন্মুখত প্রচণ্ড প্রত্যাহ্বানৰ সৃষ্টি কৰিছে নির্দলীয় গৌড়ে। মহন্তই নির্বাচন আয়োগক দাখিল কৰা শপতনামাৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ মূল্য তিনি কোটি টকা।

ইয়াৰ বিপৰীতে নির্দলীয় গৌড়ৰ সম্পত্তিৰ মূল্য সাত লাখ আৰু সমষ্টিটোৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী প্রদীপ বৰুৱাৰ সম্পত্তিৰ মূল্য লাখ টকাতে সীমাবদ্ধ। এনে অৱস্থাতো মহন্তৰ সন্মুখত প্রত্যাহ্বানৰ প্ৰাচীৰ থিয় কৰাবলৈ এই দুই প্রার্থী সক্ষম হোৱা বুলি ব্যাপক চর্চা হৈছে।

ব্যয়বহুল প্ৰচাৰ, বৃহৎ নির্বাচনী সভা, ৰথী-মহাৰথীৰ আগমনৰে আড়ম্বৰপূৰ্ণ নির্বাচনী প্ৰচাৰৰ বিপৰীতে গৈ বিজেপিৰ পৰা বহিষ্কৃত নির্দলীয় প্রার্থী গৌড়ে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। কলিয়াবৰৰ মিচামুখ, আমলখী চাহ বাগিচাকে ধৰি বিভিন্ন স্থানত এতিয়া গৌড়ৰ নিৰ্বাচনী ব্যয়ৰ বাবে বহু পুৰুষ-মহিলাই ১০ টকাৰ পৰা এহেজাৰ পৰ্যন্ত নগদ ধনৰ লগতেচাউল-পাত দি সহায় কৰিছে নির্বাচনী প্ৰচাৰত।

আনকি আমবাগানৰ এগৰাকী মহিলাই নিজৰ পোহনীয়া ছাগলী বিক্ৰী কৰি পোৱা ১২শ টকাৰ এহেজাৰ টকাই গৌড়ক অর্পণ কৰিছে। ইপিনে, খালৈআটিৰ এগৰাকী মহিলাই নগদ ১০ টকা প্রার্থীজনৰ হাতত তুলি দি সন্তুষ্টি লাভ কৰিছে। নির্বাচনী প্ৰচাৰ চলাই থাকোতে বাটত একাপ চাহ খাবলৈ বুলি মহিলাগৰাকীয়ে আন্তৰিকতাৰে এই ১০ টকা প্রদান কৰে।

গতিকে এইবাৰৰ নিৰ্বাচনৰ দৃশ্যপট আকর্ষণীয় হৈছে।উল্লেখ্য যে মন্ত্রী কেশৱ মহন্তৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ এক কোটি ৪০ লাখৰ লগতে অস্থাৱৰ সম্পত্তি এক কোটি ৪৮ লাখ ১১ হেজাৰ ৯৯৬ টকা। তেওঁৰ ১৩ লাখ টকা মূল্যৰ ১১০ গ্রাম সোণ আৰু হীৰাৰ অলংকাৰ আছে। তেওঁৰ পত্নীৰ নামতো আছে এক কোটি ৭৩ লাখ ৪৫ হেজাৰ ৪১৭ টকাৰ সম্পত্তি।

তদুপৰি মন্ত্ৰীজনৰ বিলাসী ইন’ভা গাড়ী আৰু কে’বালাখ টকাৰ সম্পত্তিও আছে। ইপিনে, নির্দলীয় প্রার্থী গৌড়ৰ বিগত পাঁচ বছৰৰ আয় হৈছে চাৰি লাখ ৯৫ হেজাৰ ৭৬০ টকা। তেওঁৰ হাতে জমা থকা ধনৰ পৰিমাণ সাত লাখ ২১ হেজাৰ ৮৪০ টকা। তদুপৰি তেওঁৰ হাতত ১৮ গ্রাম সোণ আছে। এনেদৰে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২৩ লাখ হোৱাৰ বিপৰীতে তেওঁৰ কোনো স্থাৱৰ সম্পত্তি নাই।

আনহাতে, বিৰোধী ঐক্যৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্রদীপ কুমাৰ বৰুৱাৰ ধন-সম্পত্তিৰ তালিকাখন চমু। কলিয়াবৰৰ গাঁৱে-ভূঞে ভাহি উঠা এই ছবিখনৰ পাছতে এতিয়া এইবাৰৰ নিৰ্বাচন কোটি কোটি টকাৰ বিৰুদ্ধে ১০ টকা আৰু এপোৱা চাউলৰ যুঁজ বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে।

Exit mobile version