ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

iran modi cover

Iran:✒️সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰা হ’লেও ইৰাণত অশান্তিৰ পৰিস্থিতি এতিয়াও অব্যাহত আছে। যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক জটিল হৈ উঠিব পাৰে বুলি আশংকা কৰা হৈছে।

এই পৰিপ্ৰেক্ষিতত ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে নৰেন্দ্ৰ মোদী(Narendra Modi)ৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

বুধবাৰে তেহৰানস্থিত ভাৰতীয় দূতাবাসে জাৰি কৰা এক বিশেষ পৰামৰ্শত কোৱা হৈছে যে, বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত থকা সকলো ভাৰতীয় নাগৰিকক যত শীঘ্ৰ সম্ভৱ দেশ ত্যাগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

লগতে উল্লেখ কৰা হৈছে যে, কোন পথ ব্যৱহাৰ কৰি ইৰাণ এৰিব লাগে সেই বিষয়ে বিশদ তথ্যৰ বাবে দূতাবাসৰ স’তে যোগাযোগ কৰিব লাগে আৰু দূতাবাসৰ পৰামৰ্শ নোলোৱাকৈ কোনো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দিশে আগবাঢ়িব নালাগে।

দূতাবাসে যিকোনো জৰুৰী পৰিস্থিতিত সহায়ৰ বাবে একাধিক হেল্পলাইন নম্বৰো জাৰি কৰিছে আৰু নাগৰিকসকলক সেইবোৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ মাজতে ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱাতে যুদ্ধবিৰতি ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে(Donald Trump)। তথ্য অনুসৰি, পাকিস্তানৰ মধ্যস্থতাত দুয়ো পক্ষ সংঘর্ষবিৰতিত সন্মত হৈছে।

এই প্ৰস্তাৱ অনুসৰি, আগন্তুক দুসপ্তাহলৈ আমেৰিকাই ইৰাণত কোনো ধৰণৰ সামৰিক অভিযান নচলাব। আনহাতে, চর্তসাপেক্ষে Strait of Hormuz মুকলি কৰিবলৈ সন্মত হৈছে ইৰাণ।

সূত্ৰে জানিবলৈ দিছে যে, পশ্চিম এছিয়াত দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে অহা ১০ এপ্ৰিলত ইছলামাবাদত দুয়ো দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

আমেৰিকাৰ সংবাদমাধ্যম The New York Times-ৰ প্ৰতিবেদন অনুসৰি, এই যুদ্ধবিৰতিৰ মধ্যস্থতাত পাকিস্তান জড়িত আছিল যদিও আলোচনাৰ সময়ত কিছুমান জটিলতা দেখা গৈছিল। অন্তিম মুহূৰ্তত চীন(China)ৰ হস্তক্ষেপৰ পাছতেই দুয়ো দেশ এই চুক্তিত উপনীত হয়।

ইৰাণৰ ফালৰ পৰা এই যুদ্ধবিৰতিত অনুমোদন জনায় দেশখনৰ নতুন সৰ্বোচ্চ নেতা মোজতবা খামেনেই(Mojtaba Khamenei)এ।

বৰ্তমান দুসপ্তাহৰ বাবে যুদ্ধবিৰতি কাৰ্যকৰী কৰা হৈছে যদিও সামগ্ৰিক পৰিস্থিতি এতিয়াও অস্থিৰ আৰু স্পৰ্শকাতৰ হৈ আছে।

Exit mobile version