বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

IMG 20260408 121906

Pakistan:✒️১০ৰ পৰা ১৯ এপ্ৰিললৈ পাকিস্তান (pakistan)ত অনুষ্ঠিত হ’বলগীয়া বৈশাখী উদযাপনৰ বাবে নতুন দিল্লীস্থিত(New Delhi) পাকিস্তান হাই কমিশনে ভাৰতীয় তীৰ্থযাত্ৰীসকলক ২,৮০০-তকৈ অধিক ভিছা জাৰি কৰিছে।

এই ভ্ৰমণকালত তীৰ্থযাত্ৰীসকলে গুৰুদ্বাৰা পাঞ্জা ছাহিব(Gurdwara Panja Sahib) গুৰুদ্বাৰা নানকানা ছাহিব (Gurdwara Nankana Sahib) আৰু গুৰুদ্বাৰা কাৰ্তাৰপুৰ ছাহিবকে(Gurdwara Kartarpur Sahib) ধৰি প্ৰধান শিখ ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰিব বুলি আশা কৰা হৈছে।

এই বাৰ্ষিক তীৰ্থযাত্ৰাটো দুয়োখন দেশৰ মাজত স্থাপিত আন্তঃসীমান্ত ধৰ্মীয় ভ্ৰমণ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ।

এই উপলক্ষে শুভেচ্ছা জনাই ভাৰতত নিযুক্ত পাকিস্তানৰ চাৰ্জ ডি’অ্যাফেয়াৰ্ছ ছাদ আহমেদ ৱাৰাইচ(Saad Ahmed Warraich)য়ে কয়, “আমি আশা কৰোঁ তীৰ্থযাত্ৰীসকলৰ পাকিস্তানত অৱস্থানটো পূৰ্ণাংগ আৰু আধ্যাত্মিকভাৱে ফলপ্ৰসূ হ’ব। এই ভ্ৰমণ আন্তঃধৰ্মীয় আৰু আন্তঃসাংস্কৃতিক সম্প্ৰীতি আৰু বুজাবুজি বৃদ্ধিৰ ক্ষেত্ৰত পাকিস্তানৰ অটল প্ৰতিশ্ৰুতিৰ এক প্ৰতিফলন।”

হাই কমিশনে আৰু জনায় যে তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণ নিৰাপদ, সুসংগঠিত আৰু আধ্যাত্মিকভাৱে অৰ্থবহ কৰি তোলাৰ বাবে যাতায়াত, আবাসন আৰু ধৰ্মীয় স্থানসমূহত প্ৰৱেশাধিকাৰকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই তীৰ্থযাত্ৰাটো ১৯৭৪ চনৰ “ধৰ্মীয় তীৰ্থস্থান পৰিদৰ্শন সম্পৰ্কীয় দ্বিপাক্ষিক প্ৰটোকল”-ৰ অধীনত পৰিচালিত হয়, যিয়ে ভাৰত আৰু পাকিস্তানৰ মাজত ধৰ্মীয় ভ্ৰমণ নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে, পহেলগাম (Pahalgam)ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট তিক্ত হৈ পৰিছে।

সিন্ধু জল চুক্তি(Indus Waters Treaty)বাতিল কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক লেনদেনো স্থগিত কৰা হৈছে। এই পৰিস্থিতিত শিখ তীৰ্থযাত্ৰীসকলৰ এই ভ্ৰমণক লৈ আশংকা আছিল যদিও ভিছা মঞ্জুৰ হোৱাৰ পাছত এতিয়া কিছু স্বস্তি লাভ কৰিছে তীৰ্থযাত্ৰীসকলে।

Exit mobile version