মহিলা সন্মান সঞ্চয় প্রমাণপত্র আঁচনি

adobeexpress file23 1742649496

Mahila Samman Savings Scheme:✒️মহিলা সন্মান সঞ্চয় প্রমাণপত্র হৈছে ডাকঘৰৰ এক জনপ্রিয় আঁচনি। ইয়াত বিনিয়োগ কৰি মহিলাসকলে আকর্ষণীয় সুত আহৰণ কৰিব পাৰে। এই আঁচনিৰ অধীনত মহিলাসকলে ডাকঘৰলৈ গৈ এটা বা ততোধিক একাউন্ট খুলিব পাৰে।

মহিলা সম্মান সঞ্চয় প্রমাণপত্র আঁচনিৰ সুতৰ হাৰ মহিলা সম্মান সঞ্চয় প্রমাণপত্র আঁচনিত বর্তমানে ৭.৫ শতাংশ হাৰত সুত প্ৰদান কৰি থকা হৈছে। ইয়াত সর্বোচ্চ দুই লাখ টকা বিনিয়োগ কৰিব পাৰি।

যদি এগৰাকী মহিলাই দুটা একাউন্ট খুলিব বিচাৰে তেন্তে প্রথমটো একাউন্ট খোলাৰ কমেও তিনিমাহৰ পাছতহে দ্বিতীয় একাউন্টটো খোলাৰ বাবে আবেদন কৰিব পাৰে।

উল্লেখ্য যে মহিলা সম্মান সঞ্চয় প্রমাণপত্র আঁচনিৰ সুত ত্রিমাসিকৰ ভিত্তিত গণনা কৰা হয়। নিয়ম অনুসৰি, একাউন্ট খোলাৰ কমেও এবছৰৰ পাছতহে ৪০ শতাংশ টকা উলিয়াব পাৰি।

প্রি-ক্ল’জাৰ সম্পৰ্কে কি কি নিয়ম আছে?

অন্যান্য আঁচনিৰ দৰে মহিলা সন্মান সঞ্চয় প্রমাণ পত্র আঁচনিতো ম্যাদ পূৰণ হোবাৰ পূর্বে বন্ধ কৰিব খুজিলে কিছুমান চৰ্ত আছে। আঁচনিৰ নিয়ম অনুসৰি, একাউণ্টধাৰীৰ মৃত্যু হ’লেহে এই একাউন্টটো সময়ৰ পূর্বে বন্ধ কৰিব পৰা যায়।

প্রয়োজনীয় নথি-পত্রঃ মহিলা সন্মান সঞ্চয় প্রমাণ পত্র একাউন্ট খুলিবলৈ নিম্নোক্ত নথিপত্ৰসমূহৰ প্ৰয়োজন হ’বঃ আধাৰ কাৰ্ড, বাসস্থানৰ প্ৰমাণপত্ৰ, ৰেছন কার্ড, দুখন পাছপ’র্ট আকাৰৰ ফটো, আয়ৰ প্ৰমাণ পত্র, ম’বাইল নম্বৰ আৰু পাছবুক।

Exit mobile version