গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰতিবাদী সভাত সাংবাদিকে গ্ৰহণ কৰা প্ৰস্তাৱলৈ প্ৰদেশ কংগ্ৰেছৰ সমৰ্থন

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ দাবী এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ

IMG 20260411 214350

গুৱাহাটী প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত প্ৰতিবাদী সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ সময় উপযোগী আৰু সমৰ্থনযোগ্য। শাসকীয় দলে ক্ষমতাৰ অপব্যৱহাৰ কৰি সংবাদ মাধ্যমৰ ওপৰত বিভিন্ন সময়ত যিধৰণৰে নিৰ্মম অত্যাচাৰ আৰম্ভ কৰিছে সেয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে চূড়ান্ত ভাবুকিস্বৰূপ।

বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক ভয়-ভাবুকি দিয়া আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক মুকলিকৈ প্ৰত্যাহ্বান জনোৱা বিষয়টো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিন্দা কৰিছে আৰু গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰহণ কৰা আটাইকেইটা প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি এক বিবৃতিত কয় যে নিৰ্বাচনী আচৰণবিধি চলি থকা সময়ত মুখ্যমন্ত্ৰীজনে ৰজাৰ দৰে কৰা আচৰণ হিটলাৰী ব্যৱস্থাৰ অন্য ৰূপ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা আৰু ধনৰ বলত সাংবিধানিক বিধি ব্যৱস্থাক ভেঙুচালি কৰা বুলি উল্লেখ কৰি বৰাই এইক্ষেত্ৰত নিৰ্বাচন আয়োগক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Exit mobile version