দৰিদ্ৰতা বাধা নহয়, ৮৮.৮৩% নম্বৰে উজ্বলিল নলবাৰীৰ জাহানাৰা আখতাৰা

IMG 20260411 WA0071

দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে,এই কথাকে পুনৰ প্ৰতিপন্ন কৰিলে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুন্দৰগাঁও জানোপাৰ গাঁৱৰ ছাত্ৰী জাহানাৰা আখতাৰাই। সদ্য ঘোষিত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ ৮৮.৮৩ শতাংশ নম্বৰ লাভ কৰি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে।

শিলপোতাবড়ী হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা জাহানাৰাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা এই ছাত্ৰীগৰাকীৰ সাফল্যই এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। পিতৃ জইনুৰ আলী আৰু মাতৃ জায়েদা বেগমো কন্যাৰ এই কৃতিত্বত অত্যন্ত গৌৰৱান্বিত।

অত্যন্ত সীমিত সম্পদৰ মাজতে কোনো ঘৰুৱা শিক্ষক অবিহনে নিজৰ একাগ্ৰতা আৰু দৃঢ় ইচ্ছাশক্তিৰ জৰিয়তে এই সফলতা অৰ্জন কৰিছে জাহানাৰাই। জৰ্জৰিত বাসগৃহত প্ৰতিদিনে পাঁচৰ পৰা ছয়ৰ ঘণ্টালৈকে অধ্যয়ন কৰি তেওঁ এই ফলাফল লাভ কৰে।

নিজৰ সাফল্যৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাহানাৰাই কয় যে, একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে চৰকাৰী বিদ্যালয়তো পঢ়ি উন্নত ফলাফল লাভ কৰা সম্ভৱ। ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ লক্ষ্য লৈ আগবাঢ়িছে বুলিও তেওঁ উল্লেখ কৰে।

জাহানাৰা আখতাৰাৰ এই সাফল্যই কেৱল তেওঁৰ পৰিয়ালৰেই নহয়, সমগ্ৰ অঞ্চলবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা জনাইছে।

Exit mobile version