পত্নী-সন্তানক লগত লৈ দীৰ্ঘ বছৰৰ মূৰত চাবুৱাৰ নাদুৱা গাঁৱৰ স্ব-গৃহত উপস্থিত হ’ল আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়া 

IMG 20260411 WA0068

স্বাধীন অসমৰ স্বপ্ন এৰি আজি নিজৰ জন্ম গৃহত উপস্থিত হয় মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়া ওৰফে বিজিত গগৈ। দীৰ্ঘদিন অসম আৰক্ষীৰ বাবে মুৰৰ কামোৰণি সৃষ্টি কৰা দুৰ্ধষ আলফা স্বাধীনৰ মেজৰ জেনেৰেল গৰাকীয়ে নিজৰ পত্নী আৰু পুত্ৰক লগত লৈ নিজৰ ওপজা ঠাই চাবুৱাৰ নাদুৱা গোঁহাই গাঁৱত উপস্থিত হয়।

ইয়াকে লৈ চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱত আজি আনন্দৰ চকুলোৰ পৰিবেশ দেখিবলৈ পোৱা যায়। অসমৰ সংবাদ মাধ্যমত সততে শিৰোনাম দখল কৰা নেতা গৰাকীয়েআত্মসমৰ্পন কৰাৰ পাছত সোঁ-শৰীৰে আজি ঘৰলৈ আহে ।

নাদুৱা গোঁহাই গাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা নেতাগৰাকীক লৈ ঢোলে-দগৰে আদৰি আনিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। নেতা গৰাকীৰ স’তে সাত বছৰীয়া পুত্ৰ, পত্নী নয়নয় চেং আৰু তিনি বছৰীয়া কন্যা সন্তান লৈ পিতৃবিহীন ঘৰখন উপস্থিত হোৱাত মাতৃ পাতলী বৰুৱা কান্দোনত ভাগি পৰে।

২০০১ চনত আলফাত যোগদান কৰা অৰুণোদয় অসমে ওৰফে বিজিত গগৈয়ে ২০২৫ চনৰ ২৩ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ পাংছুপাছৰ ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আত্মসমৰ্পণ কৰিছিল আলফা স্বাধীনৰ নিম্ন সদনৰ সাধাৰণ সম্পাদক তথা বিত্ত বিভাগৰ দায়িত্বত থকা অৰুণোদয় দহোটীয়া ওৰফে বিজিত গগৈয়ে।

নেতা গৰাকীয়ে আত্মসমৰ্পন কৰিছিল যদিও অসম আৰক্ষীয়ে অতি কৌশলগতভাৱে আলফা নেতা গৰাকীক আত্মগোপন কৰাই ৰাখিছিল। ক’ত কেনেকৈ আলফা নেতা গৰাকীক অসম আৰক্ষীয়ে আত্মগোপন কৰাই ৰাখিছিল সেই কথা আজিও ৰহস্য।

কিন্তু আজি পত্নী-পুত্ৰক লৈ নিজৰ জন্ম গৃহত উপস্থিত হৈ আৱেগিক হৈ পৰে একালৰ দুধৰ্ষ আলফা নেতা গৰাকী। সুদীৰ্ঘ ২৫ বছৰৰ পাছত আলফা(স্বাঃ) নামৰ সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি মূল সুঁতিলৈ ঘুৰি অহা মেজৰ জেনেৰেল অৰুণোদয় দহোতীয়া ওৰফে বিজিত গগৈয়ে নিজ গৃহত উপস্থিত হৈ কয়, “ঘৰলৈ আহি ভালেই লাগিছে । জীৱনে আমাক বিভিন্ন সময়ত বিভিন্ন পথলৈ লৈ যায় কিন্তু মৰমে ঘৰলৈ লৈ আহিছে । ইমান দিনৰ মুৰত নিজৰ পৰিয়াল আৰু ভাই বন্ধুক লগ পাই ভাল লাগিছে । কিন্তু কিবা এটা কাৰণত সুখী হ’ব পৰা নাই। শেষ ভালে সকলো ভাল কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহ’ল । কি কাৰণত মই আলফা স্বাধীন এৰিলোঁ সেইটো সহজকৈ কৈ দিব নোৱাৰি। পৰেশ অসম মোৰ বাবে পিতৃ স্বৰূপ । তেওঁৰ সু-স্বাস্থ্য কামনা কৰিছোঁ। আজি মই ঘৰলৈ আহিও আনন্দিত হ’ব নোৱাৰা দুখ থাকি গৈছে। ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা সদায় থাকিব।”

স্বাধীন অসমৰ প্ৰাসংগিকতাক লৈ অৰুণোদয় দহোতীয়াই কয়, স্বাধীন অসমৰ প্ৰাসংগিকতা আছে বুলি কিছু লোকেই সংগ্ৰাম কৰিছে আৰু নাই বুলি ভাবি কিছু সংখ্যকে ঘূৰি আহিছে । আলফা স্বাধীনৰ ভৱিষ্যত আছে নে নাই সেই কথা কৈ দিব পৰা অৱস্থাত মই নাই।

আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুনোদয় অসম ওৰফে বিজিত গগৈৰ নাদুৱা গোঁহাই গাঁৱৰ গৃহত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাত আনন্দৰ চকুলো বোৱাই অৰুনোদয় দহোতীয়াৰ মাতৃয়ে কয়, “নিজৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছে ভাল লাগিছে । দেউতাকে চাবলৈ বৰ মন কৰিছিল কিন্তু নেদেখিলে সেইটো কথাতে মোৰ বৰ দুখ লাগিছে । সি এটা হৈ গৈছিল যদিও চাৰিটা হৈ আহিছে। আজি ২৫ বছৰে ঘৰত নাছিল দেখি দুখ লাগিছে । বহুত কষ্টত দিন পাৰ কৰিলোঁ। আৰ্মীয়ে বহুত দিগদাৰ দিলে। দিন হ’লে ৰাতি নহওক বুলিয়ে সদায় ভাবিছিলো।”

আনহাতে, বিজিত গগৈৰ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱা গগৈয়ে নিজৰ ভাতৃক কাষত পাই আনন্দ প্ৰকাশ কৰাৰ লগতে আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ মাজত থকা সংঘাত অন্ত পৰক বুলি কয়। অসমীয়া বহু তেজাল ডেকা আৰু নিৰীহ জনতা আলফাৰ সংগ্ৰাম খনত প্ৰাণ হেৰুৱালে বুলি উল্লেখ কৰি আলফা (স্বা) লৈ আহ্বান জনাই কয় – যাতে সকলোৱে এটা মিমাংসালৈ আহিব পাৰে আলোচনাৰ পথলৈ আহি কৰণীয় সমূহ কৰিব লাগে। স্বাধীন অসম বৰ্তমান সময়ত মোৰ দৃষ্টিত সম্ভৱ নহয়, দাবী মাধ্যেমৰে উত্তৰ-পূবৰ আন ৰাজ্যৰ দৰে অসম খনক গঢ়িব পাৰি তাৰ বাবেহে চেষ্টা কৰিব লাগে।

Exit mobile version