হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাদৈকাটা গাঁওৰ বেগম আনিছা নাৰ্গিছে অঞ্চলটিলৈ কঢ়িয়াই আনিছে গৌৰৱ

IMG 20260411 WA0069

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কালি ঘোষিত ফলাফলে সমগ্ৰ ৰাজ্যৰ একাংশ বিদ্যালয়ৰ লগতে ৰঙিয়া আৰু সমীপৰ কেবাখনো বিদ্যালয়ত দেখা গৈছে উৎসৱ মুখৰ পৰিৱেশ।

এই আনন্দ উৎসৱৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰঙিয়াৰ সমীপৱৰ্তী খন্দিকৰৰ শঙ্কৰ-আজান জাতীয় বিদ্যালয়তো দেখা গৈছে একেই পৰিৱেশ। বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ পৰিয়াল সহ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰঙিয়া চহৰৰ সমীপৱৰ্তী অত্যন্ত ভিতৰুৱা গাওঁ মাদৈকাটা গাঁওৰ ব্যৱসায়ী ৰাকিব আলী আৰু জাহিদা বেগমৰ সুযোগ্য সন্তান বেগম আনিছা নাৰ্গিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত খন্দিকৰৰ শঙ্কৰ-আজান জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৯১.৬৬ % শতাংশ নম্বৰ লাভ কৰে ।

তেওঁ ইংৰাজীত ৯৫ , অসমীয়াত ৯০, সাধাৰণ গণিতত ১০০ , সাধাৰণ বিজ্ঞানত ৮১ , সামাজিক বিজ্ঞানত ৮৭ আৰু হিন্দী বিষয়ত ৯৭ নম্বৰ সহ মুঠ ৫৫০ নম্বৰ লাভ কৰে।

তেওঁ সকলো বিষয়তে লেটাৰ নম্বৰ লাভ কৰি ডিষ্টিংচন পাবলৈ সক্ষম হয়। বেগম আনিছা নাৰ্গিছৰ ফলাফলক কেন্দ্র কৰি শঙ্কৰ-আজান জাতীয় বিদ্যালয়তো দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। এই ফলাফলত বিদ্যালয় খনৰ ছাত্র-ছাত্রী সকলে আনন্দত উৎফুল্লিত হৈ পৰে।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত প্ৰদৰ্শন কৰি আনিছা নাৰ্গিছক লগত লৈ শোভাযাত্ৰা উলিয়ায়। তেওঁলোকে নাৰ্গিছক লগতলৈ
স্বগৃহত উপস্থিত হয়।

ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখা নাৰ্গিছে সদ্যহতে ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ আশা প্ৰকাশ কৰিছে।

Exit mobile version