Ex.Union Minister Bedabrata Baruah Passes Away: প্রাক্তন কেন্দ্রীয় মন্ত্রী-উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা-লেখক বেদব্ৰত বৰুৱাৰ দেহাৱসান

WhatsApp Image 2026 04 17 at 11.10.24 AM

Ex.Union Minister Bedabrata Baruah Passes Away:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:প্রাক্তন কেন্দ্রীয় মন্ত্রী, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, অধ্যাপক তথা বিশিষ্ট নিৱন্ধকাৰ বেদব্ৰত বৰুৱাৰ যোৱা ১৪ এপ্রিলত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাবসান ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। প্ৰধানমন্ত্ৰী প্রয়াত চৌধুৰী চৰণ সিং মন্ত্রীসভাত বৰুৱা বৈদেশিক দপ্তৰৰ উপমন্ত্রী আছিল। তেওঁ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাও আছিল। বৰুৱাৰ বিয়োগত তেওঁৰ জন্মস্থান গোলাঘাটত শোকৰ ছাঁ পৰিছে। বেদব্ৰত বৰুৱাৰ জন্ম হৈছিল ১৯২৮ৰ ১৩ জুলাইত গোলাঘাটত। গোলাঘাটৰ বিখ্যাত বৰুৱা পৰিয়ালৰ সদস্য প্রয়াত গিৰিশ বৰুৱাৰ পুত্ৰ বেদব্ৰত বৰুৱাৰ জন্মস্থান হ’ল গোলাঘাটৰ তপন নগৰ।

তেওঁ ১৯৪৫ত গোলাঘাট চৰকাৰী বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৪৯ত তেতিয়াৰ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্রী অৰ্জন কৰিছিল। ১৯৫১ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল। তেওঁ সমান্তৰালভাৱে আইনৰ পাঠ্যক্ৰমো অধ্যয়ন কৰিছিল। সেয়েহে ১৯৫১ত তেওঁ এলএলবি ডিগ্রীও লাভ কৰে। ইয়াৰ পাছত তেওঁ গোলাঘাটলৈ উভতি আহে আৰু ফৰকাটিং হাইস্কুলত প্রধান শিক্ষকৰূপে ছমাহ শিক্ষকতা কৰে। ইয়াৰ পাছতে তেওঁ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্রবক্তাৰূপে যোগদান কৰে। ১৯৫৯ত তেওঁ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হয়। ১৯৬৭ লৈ তেওঁ এই পদত থাকি চাকৰিৰ পৰা ইস্তফা দিয়ে।

ছাত্ৰ অৱস্থাৰ পৰাই বেদব্ৰত বৰুৱাই ৰাজনীতিৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল। তেওঁ বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ সান্নিধ্য লাভ কৰিছিল। সেই সূত্রে ছাত্ৰ ৰাজনীতিত জড়িত হৈ পৰা বৰুৱাই ১৯৪৮ত সমাজবাদী দলত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত সমাজবাদী দলটোত বিভাজন ঘটে তেতিয়া বৰুৱাই প্ৰজা ছ’চিয়েলিষ্ট পার্টিত যোগদান কৰে। ১৯৬২ত তেওঁ গে বিধানসভা সমষ্টিৰ পৰা প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ অৱশ্যে তেওঁ সেই নিৰ্বাচনত কংগ্ৰেছৰ দণ্ডেশ্বৰ হাজৰিকাৰ হাতত পৰাজিত হৈছিল।

১৯৬৪ত তেওঁ প্রজা ছ’চিয়েলিষ্ট পার্টি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল। কংগ্ৰেছৰ পৰাই তেওঁ ১৯৬৭, ১৯৭১ আৰু ১৯৭৭ত একেৰাহে তিনিবাৰ কলিয়াবৰৰ সাংসদ নির্বাচিত হৈছিল। ১৯৭৯ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক উপ-মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। সেই বছৰতে কংগ্ৰেছৰ বিভাজন হৈছিল। প্ৰয়াত বৰুৱাই পাছত ভাৰতীয় জনতা পার্টিতো যোগদান কৰিছিল।

দিল্লীত বাস কৰা বৰুৱাই ১৯৮০ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰূপে যোগদান কৰিছিল। তেওঁ জ্যেষ্ঠ অধিবক্তাও হৈছিল। সামাজিকভাৱে সক্রিয় জীৱন পাৰ কৰা বৰুৱা এজন নিৱন্ধকাৰো আছিল। ‘অগ্রদূত’ আৰু ‘দৈনিক অগ্রদূত’ত তেওঁ দীর্ঘ সময় নিয়মীয়া লেখকৰূপে বহু গুৰুত্বপূৰ্ণ লেখা পাঠক সমাজলৈ আগবঢ়াই গৈছিল। তেওঁৰ নিৱন্ধৰ এটা প্রকাশিত সংকলন হ’ল ‘মত-অভিমত’। বেদব্রত বৰুৱাৰ বিয়োগত গোলাঘাটত শোকৰ ছাঁ পৰিছে।

Exit mobile version