পুণে বিমানবন্দৰ(Pune Airport) ত শুকুৰবাৰে গভীৰ নিশা ভাৰতীয় বায়ুসেনাৰ এখন পৰিবহণ বিমানৰ ‘হাৰ্ড লেণ্ডিং’ ঘটনাৰ ফলত ৰানৱে সাময়িকভাৱে বন্ধ কৰি দিয়া হয়, যাৰ ফলত শনিবাৰে পুৱা পৰ্যন্ত উড়ান আৰু অৱতৰণ ব্যাহত হয়।
বিমানবন্দৰ সূত্ৰে জানিব পৰা মতে, অবতৰণৰ সময়ত হোৱা এই বিপত্তিৰ ফলত বিমানখন ৰানৱেতেই আৱদ্ধ হৈ পৰে। ইয়াৰ ফলত বাণিজ্যিক বিমান চলাচলত সাময়িক বিঘ্ন ঘটে।
ভাৰতীয় বায়ুসেনাই জানিবলৈ দিয়ে যে এই ঘটনাত বিমানখনৰ পাইলট আৰু ক্ৰু সদস্যসকল সম্পূৰ্ণৰূপে নিৰাপদে আছে। লগতে ৰানৱেৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি নিশ্চিত কৰা হৈছে।
বায়ুসেনাই লগতে কয় যে ঘটনাটোৰ কাৰণ এতিয়াও স্পষ্ট নহ’লেও পৰিস্থিতি সোনকালে স্বাভাৱিক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ৰানৱে পুনৰ আৰম্ভ কৰাৰ কাম চলি আছে।
উল্লেখযোগ্য যে ‘হাৰ্ড লেণ্ডিং’ বুলিলে সাধাৰণতকৈ অধিক বেগ আৰু উলম্ব গতিৰে বিমান ৰানৱেত অৱতৰণ কৰা ঘটনাক বুজোৱা হয়, যি বিভিন্ন কাৰণত সংঘটিত হ’ব পাৰে।
পুণে বিমানবন্দৰ বায়ুসেনাৰ নিয়ন্ত্ৰণত থাকিলেও ই বাণিজ্যিক উড়ানৰ বাবেও ব্যৱহৃত হয়, ফলত এই ঘটনাৰ প্ৰভাৱ যাত্ৰীবাহী বিমান চলাচলতো পৰে।
