বন অনুমোদন অবিহনেই ৰিং ৰোডৰ বিৰুদ্ধে পিআইএল

IMG 20260419 120728

প্রায় ছহেজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কাম প্রয়োজনীয় অনুমতি অবিহনেই অসম চৰকাৰে আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ বন মন্ত্রণালয়ৰ প্ৰয়োজনীয় অনুমতি অবিহনেই বিং ৰোড নিৰ্মাণৰ কামত অসম চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক সহযোগিতা আগবঢ়াইছে। উল্লেখ্য যে এই বৃহৎ প্রকল্পটো ৰূপায়ণৰ দায়িত্বত আছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ।

ৰাজ্য চৰকাৰে ভূমি অধিগ্রহণকে ধৰি নিজৰ আওতাত পৰা দায়িত্ব ৰূপায়ণ কৰি সেয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক হস্তান্তৰ কৰিব লাগিব। ইয়াৰে অংশ স্বরূপে অদ্যাপি বন মন্ত্রণালয়ৰ অনুমোদন নোপোৱা সত্ত্বেও অসম চৰকাৰে গছ কটাৰ নিবিদা জাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই প্রকল্প কার্যকৰী হ’লে বৃহৎ পৰিমাণৰ বনভূমি উচ্ছেদ হ’ব। কিয়নো এই বিং বোড আমচাং বন্যপ্রাণী অভয়াৰণ্য আৰু জৈর স্পর্শকাতৰ অঞ্চলৰ মাজেৰে পাৰ গৈ যাব। অথচ এই অঞ্চলটো হ’ল হাতী, নাহৰফুটুকী বাঘ, বনৰৌ আদিকে ধৰি বহু বন্যপ্ৰাণীৰ আৱাসভূমি।

অসম চৰকাৰৰ গুৱাহাটী বিং ৰোড নিৰ্মাণৰ প্ৰস্তাৱক সমর্থন জনায়ো প্রকৃতিপ্রেমী বিভিন্ন সংগঠন বনাঞ্চল ধ্বংস হোৱাৰ বিষয়টোক লৈ গভীৰভাৱে উদ্বিগ্ন গৈ আহিছে। তেনে সময়তে বন মন্ত্রণালয়ৰ সেউজ সংকেত নোপোৱাকৈয়ে আমচাং বন্যপ্রাণী অভয়াৰণ্য আৰু ইয়াৰ সংলগ্ন অঞ্চলৰ লাখ লাখ গছ কটা প্রক্রিয়া চৰকাৰে আৰম্ভ কৰিছে।

ইয়াকে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়া এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) দাখিল হৈছে। আর্কাশিষ চলিহা আৰু মহেশ ডেকা নামৰ দুজন লোকে এই আবেদনখন দাখিল কৰিছে। তেওঁলোকে চৰকাৰৰ প্ৰকল্পটোক সমর্থন জনায়ো বন ধ্বংসৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

ইয়াৰ লগতে অভিযোগ কৰা হৈছে যে প্রয়োজনীয় অনুমতি নোপোৱাকৈয়ে চৰকাৰে এই ধ্বংস কাৰ্যৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উল্লেখ্য যে প্রস্তাবিত গুৱাহাটী বিং ৰোডৰ দৈর্ঘ্য হ’ল প্রায় ১২১ কিলোমিটাৰ। বৃহৎ এই প্রকল্প ৰূপায়ণৰ জৰিয়তে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া বৃহৎ অঞ্চলৰ যাতায়াত ব্যৱস্থাটোক অধিক সুচল কৰাৰ লক্ষ্য লোৱা হৈছে।

ইয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন নতুন দলং নিৰ্মাণৰ কাম আগবাঢ়িছে। ইতিমধ্যে পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ নির্মাণকার্য বহুদূৰ আগবাঢ়িছে। নাৰেংগী-কুৰুৱা সংযোগী দলঙৰ কামো ঢাপে ঢাপে আগবাঢ়িছে। উন্নয়নমূলক এই কামৰ বিনিময়ত আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ বৃহৎ অংশ ধ্বংস হোৱাটো নিশ্চিত হৈছে।

এই ধ্বংস কাৰ্যৰ প্ৰক্ৰিয়া প্রয়োজনীয় অনুমতি অবিহনেই আৰম্ভ কৰাৰ অভিযোগ উঠিছে। অৱশ্যে ন্যায়ালয়ত দাখিল হোৱা এই আবেদনক লৈ অসম চৰকাৰৰ পৰা কোৱা হৈছে যে প্রয়োজনীয় সকলো অনুমোদন ইতিমধ্যে লাভ কৰা হৈছে আৰু তাৰ ভিত্তিত প্রকল্পটো ৰূপায়ণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Exit mobile version