আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

best perfumes

Beautiful young woman with bottle of perfume at home, closeup

গৰম বতৰত ঘামৰ পৰা শৰীৰৰ দুৰ্গন্ধ বিকশিত হোৱাটো অস্বাভাবিক নহয়। কিন্তু এই গোন্ধৰ ফলত প্রায়ে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

আপুনি যিমানেই নির্দোষ সাজ-পোছাক পিন্ধক কিয়, কোৱাবাহুল্য যে শৰীৰৰ দুর্গন্ধই আপোনাৰ সামগ্রিক ব্যক্তিত্বত নেতিবাচক প্রভাৱ পেলাব পাৰে। প্রায়ে উচ্চমানৰ সুগন্ধি প্রয়োগ কৰিলেও কোনো প্রকৃত সমাধান পোৱা নাযায়, কিয়নো সুগন্ধিটো অতি কম সময়ৰ ভিতৰতে ম্লান হৈ যোৱাৰ প্ৰৱণতা থাকে।

এনে ক্ষেত্রত কেইটামান সহজ কৌশল আপোনাৰ সহায়ত আহিব পাৰে। কেৱল সঠিক কৌশল অনুসৰণ কৰিলেই আপুনি নিশ্চিত কৰিব পাৰে যে আপোনাৰ সুগন্ধিৰ আনন্দদায়ক গোন্ধটো গোটেই দিনটো টিকি থাকে।

(১) শৰীৰৰ বিভিন্ন অংশত সামান্য পৰিমাণৰ সুগন্ধি স্প্রে’ কৰিব লাগে। আপোনাৰ পালছ পইণ্টৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক-বিশেষকৈ, হাতৰ কব্জি, ডিঙি, কাণৰ পিছফালে, কঁকালৰ ভিতৰ আৰু আঁঠুৰ পিছফালে সুগন্ধিৰ ডব লগাওক। ইয়াৰ ফলত আপোনাৰ সমগ্র শৰীৰটো সুগন্ধিৰে আবৃত হোৱাটো নিশ্চিত হ’ব।

(২) যদি আপোনাৰ ছালখন কক্ষ বা শুকান হয় তেন্তে সুগন্ধিৰ গোন্ধ সোনকালে বাষ্পীভৱন হোৱাৰ প্ৰৱণতা থাকে। মইশ্ব’ৰাইজড ছালত সুগন্ধি প্রয়োগ কৰিলে বহু বেছি দিন টিকে। গতিকে আপোনাৰ প্ৰথম পদক্ষেপ হ’ব লাগে আপোনাৰ ছালখন হাইড্রেট কৰা। গোটেই শৰীৰত ব’ডীলোচন লগাওক: আপুনি ব’ড়ী অইলও ব্যৱহাৰ কৰিব পাৰে। এবাৰ প্ৰয়োগ কৰিলে এই ভিত্তি স্তৰৰ ওপৰত আপোনাৰ সুগন্ধি স্প্রে’ কৰক। ইয়াৰ ফলত অত্যধিক ঘাম ওললেও সুগন্ধি ম্লান নহয়।

(৩) সুগন্ধি স্প্রে কৰাৰ পাছত হাতৰ কব্জি দুটা একেলগে ঘঁহি লয় নেকি? যদি আছে তেন্তে এই অভ্যাস তৎক্ষণাত বন্ধ কৰক। ঘঁহিলে গোন্ধটো বহুত বেছি সোনকালে নোহোৱা হৈ যায়। বৰঞ্চ কেৱল সুগন্ধিটো স্প্রে কৰি হাতৰ কব্জিবোৰ প্ৰাকৃতিকভাৱে বায়ু শুকুৱাই ল’ব লাগে। ইয়াৰ ফলত সুগন্ধি আপোনাৰ শৰীৰত যথেষ্ট বেছি সময় থাকিব।

(৪) সম্ভৱ হ’লে আপুনি ব্যৱহাৰ কৰা সুগন্ধিৰ দৰেই সুগন্ধিৰ প্রফাইল থকা ব’ড়ী ৱাছ আৰু লোচন ব্যৱহাৰ কৰক। এই লেয়াৰিং কৌশলে গোন্ধৰ দীর্ঘায়ু বৃদ্ধি কৰাত সহায় কৰে। যদি আপুনি আপোনাৰ সুগন্ধি প্রয়োগ কৰাৰ সময়ত দৈনিক এই রুটিন মানি চলে, তেন্তে নিঃসন্দেহে আপুনি এটা উল্লেখযোগ্য পার্থক্য লক্ষ্য কৰিব।

(৫) কাপোৰ আৰু চুলিয়ে ছালৰ তুলনাত বহু বেছি দিনলৈকে সুগন্ধি ধৰি ৰখাৰ প্ৰৱণতা থাকে। সেয়েহে কাপোৰ, স্কার্ফ, আনকি হেয়াৰব্ৰাছতো সুগন্ধিৰ পাতল কুঁৱলী ছটিয়াই চাওক। ইয়াৰ ফলত গোন্ধটো সহজে ম্লান নহয় আৰু গোটেই দিনটো ৰৈ থাকে।

Exit mobile version