শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ পর্যন্ত অধিকাংশ লোকেই কোনোবা মুহূৰ্তত কাণৰ যন্ত্রণাত কাতৰ হয়। বিশেষকৈ শীতকালত শিশুৰ ঠাণ্ডা লাগিলেই এই সমস্যাৰ জটিল আকাৰ ধাৰণ কৰে। লগতে যিসকলে এজমা বা এলার্জিত ভুগি আছে, তেওঁলোকো প্রায়েই এই সমস্যাত আক্রান্ত হয়।
কাণৰ এই সংক্রমণ কেৱল বেক্টেৰিয়াৰ আক্ৰমণৰ বাবেই হয় বুলি থকা ধাৰণাটো ভুল। যিকোনো কাৰণতে শৰীৰৰ এই অত্যন্ত সংবেদনশীল অংগত যন্ত্রণা হ’ব পাৰে। এই ক্ষেত্ৰত কাণৰ বিষ, কাণ গধূৰ লগা আৰু যন্ত্রণা হয়। কিয় এনে হয়?
ঠাণ্ডাত চদিয়ে কাণৰ ফালে গৈ এই সংক্রমণ হয়। ইয়াৰ পাছত কাণ পৰিষ্কাৰ কৰিবলৈ বহুতেই আকেং কটন বাড ব্যৱহাৰ কৰে। ইয়াৰ ফলত অতি সহজে বেক্টেৰিয়া কাণত প্ৰৱেশ কৰে। ফলত সংক্রমণত অধিক বাঢ়ি যায়।
ইয়াৰ উপৰি কেভিটিজ, চাইনাছৰ সংক্ৰমণ, টনছিলৰ সমস্যা আৰু দাঁতৰ বিষৰ বাবেও কাণৰ বিষ হ’ব পাৰে। অৱশ্যে দুটা বিশেষ উপায়েৰে কাণৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব পাৰে।
আদা প্রাকৃতিকভাবে আদাত আছে এন্টি-ইনফ্লেমেটৰী উপাদানসমূহ। যিকোনো ৰোগৰ পৰা মুক্তি দিয়াত সেইবোৰ সক্ষম। কাণৰ বিষতো আদা অত্যন্ত কার্যকৰী। এই ক্ষেত্রত সামান্য আদাৰ ৰস গৰম কৰি কিছু ঠাণ্ডা হ’লে কাণৰ বাহিৰৰ অংশত দুই টোপাল ব্যৱহাৰ কৰিব।
নহৰু এন্টিবায়’টিক আৰু বিষনাশক হিচাপে কাম কৰে নহৰুৱে। কাণৰ বিষ দূৰ কৰিবলৈ দুফোটা নহৰু কুটি লৈ অলিভ অইলত দি সামান্য গৰম কৰক। ইয়াৰ পাছত সেই তেল চেকি কিছু ঠাণ্ডা হ’লে নহৰুৰ ফোটা দুটা কাণত ব্যৱহাৰ কৰক।






























