পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

IMG 20260421 164712

দেশৰ কৃষকসকলক আর্থিক সাহায্য যোগান ধৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্রশস্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে। এই ধৰণৰ আঁচনিসমূহৰ ভিতৰত চৰকাৰে পশুপালনৰ বাবে মুকলি কৰা পশু কিষাণ ক্রেডিট কার্ড আঁচনিখন বিশেষভাবে প্রণিধানযোগ্য।

এই আঁচনিখনৰ অধীনত পশুপালনৰ বাবে ক্ষুদ্র পশুপালকসকলে কোনো ধৰণৰ গেৰান্টী বা নিশ্চয়তা অবিহনে ১.৬০ লাখৰ পৰা তিনি লাখলৈকে ঋণ লাভ কৰিব পাৰে।

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ অধীনত কৃষক তথা পশুপালকসকলে নিজৰ গৰু-ছাগলী-গাহৰি আদিকে ধৰি বিভিন্ন পোহনীয়া পশুধনৰ বাবে ক্রেডিট কার্ড উলিয়াই ল’ব পাৰে। এই কাৰ্ডৰ সহায়ত ভৱিষ্যতে এই ধৰণৰ জীৱ-জন্তু ক্ৰয় কৰিবলৈ কম সুতৰ হাৰত ঋণ ল’ব পৰা যায়।

অৱশ্যে এই সুবিধা লাভকৰিবলৈকে পশুপালকসকলে কিছুমান চৰ্ত পূৰণ কৰাটো জৰুৰী।এই চৰ্তসমূহ পূৰণ কৰাৰ পাছতহে কৃষকসকলৰ বাবে পশু ক্রেডিট কাৰ্ডৰ সুবিধা মুকলি কৰি দিয়ে চৰকাৰে।

আনহাতে, যিসকল কৃষকৰ নিজা মাটি আছে তেওঁলোকেও এই আঁচনিৰ সুবিধা ল’ব পাৰে। পোহনীয়া জীৱ-জন্তুৰ বাবে ঘৰতে ফার্ম বা নিজৰ মাটিত চৰণীয়া পথাৰ বনাব বিচাৰিলেও এই কাৰ্ডৰ জৰিয়তে ঋণ ল’ব পৰা যায়।

কৃষক তথা পশুপালকসকলে চর্তসাপেক্ষে এই পশু কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে গৰু কিনাৰ বাবে ৪০,৭৮৩ টকা, ম’হ কিনাৰ বাবে ৬০,২৪৯ টকা, গাহৰি কিনাৰ বাবে ১৬,২৩৭ টকা, ভেড়া, ছাগলী আদি কিনাৰ বাবে ৪,০৬৩ টকাকৈ ঋণ লাভ কৰিব পাৰে।

ঋণৰ বাবদ কিমান সুত পৰিশোধ কৰিব লাগে?

পশু কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে ঋণ লোৱা কৃষকসকলে সাত শতাংশ সুতৰ হাৰত ঋণ পৰিশোধ কৰিব লাগে। কিন্তু যিসকল কৃষকে সময়মতে ঋণ পৰিশোধ কৰে, সেইসকলক চৰকাৰৰ তৰফৰ পৰা সামগ্রিক সুতৰ হাৰত তিনি শতাংশ বেহাই দিয়া হয়।

সেই অনুসৰি কৃষকে কেৱল চাৰি শতাংশ সুতৰ হাৰত এই ঋণ পৰিশোধ কৰাৰ সুবিধা পায়। এই ঋণ ঘূৰাই দিয়াৰ সময়সীমা হ’ল পাঁচ বছৰ।

কেনেদৰে আবেদন কৰিব?

যিসকল ক্ষুদ্র পশুপালকে পশুধনৰ বাবে ক্রেডিট কার্ড ল’ব বিচাৰে, তেওঁলোকে ওচৰৰ যিকোনো চৰকাৰী বেংকৰ শাখালৈ গৈ সবিশেষ বুজি লৈ আবেদন কৰিব পাৰে। আবেদনৰ সময়ত আবেদনকাৰী ক্ষুদ্র পশুপালকে নিজৰ আধাৰ কাৰ্ড, পেন কার্ড, ভোটাৰ কাৰ্ড, ম’বাইল নম্বৰ, শেহতীয়া পাছপ’র্ট আকাৰৰ ফটো আদিৰ প্ৰতিলিপি জমা দিয়াটো বাধ্যতামূলক।

সাধাৰণতে আৱেদনৰ প্ৰ-পত্ৰ পৰীক্ষা কৰাৰ এমাহৰ পাছত কৃষকসকলক নির্দিষ্ট বেংকটোৰ তৰফৰ পৰা পশু কিষাণ ক্রেডিট কার্ড প্রদান কৰা হয়। ইচ্ছুক ক্ষুদ্র পশুপালকসকলে এই সম্পর্কীয় অধিক তথ্যৰ বাবে আঁচনিখনৰ চৰকাৰী ৱেবছাইটত যাব পাৰে।

Exit mobile version