HPCL Refinery Fire Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ ৷ মঙলবাৰে ৰাজস্থানৰ পাচপাদ্ৰত দেশৰ সৰ্ববৃহৎ এইচ পি চি এল তেল শোধনাগাৰ উদ্বোধন কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰীয়ে। কিন্তু সোমবাৰে শোধনাগাৰৰ এটা ইউনিটত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। শোধনাগাৰৰ পৰা ক’লা ধোঁৱাৰে আবৰি ধৰে শোধনাগাৰটো । কত্তব্যৰত কৰ্মচাৰীসকলে অগ্নিনিৰ্বাপক ব্যৱস্থা সক্ৰিয় কৰি জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনী আৰু কোম্পানী বিশেষজ্ঞৰ ঘণ্টাৰ পিছত ঘণ্টাজুৰি অব্যাহত ৰখা অহৰহ চেষ্টাৰ অন্তত অৱশেষত জুই নিয়ন্ত্ৰণ কৰা হয়।
এই অগ্নিকাণ্ড সন্দৰ্ভত ভাৰতীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত প্ৰকাশ কৰিছে যে এইচ পি চি এল ৰাজস্থান শোধনাগাৰ লিমিটেডৰ চৌহদত খাৰুৱা তেলৰ ডিষ্টিলেচন ইউনিটৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অনা হৈছে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয় কৰি প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে তদন্তৰ নিৰ্দেশ দায়া হৈছে।
আনহাতে শোধনাগাৰটোৰ উদ্বোধনৰ পূৰ্বেই সংঘটিত অগ্নিকাণ্ডৰ বাবে বাতিল কৰা হয় উদ্বোধনী অনুষ্ঠান ৷ শোধনাগাৰ উদ্বোধনৰ সন্দৰ্ভত মন্ত্ৰালয়ে উল্লেখ কৰে যে উদ্বোধনৰ নতুন তাৰিখ পিছত ঘোষণা কৰা হ’ব। মন্ত্ৰালয়ে নিজৰ পোষ্টত উল্লেখ কৰিছে যে এইচ আৰ আৰ এল শোধনাগাৰৰ খাৰুৱা ডিষ্টিলেচন ইউনিটৰ সমীপত আজি সংঘটিত হোৱা দুৰ্ভাগ্যজনক অগ্নিকাণ্ডৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী কাৰ্যত: পিছুৱাই দিয়া হৈছে।
উল্লেখ্য যে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো নতুন সংহত শোধনাগাৰ-কম-পেট্ৰ’কেমিকেল কমপ্লেক্স উচৰ্গা কৰাৰ কথা আছিল যিটো বালোত্ৰাৰ পাচপদ্ৰাত অৱস্থিত। ৭৯,৪৫০ কোটি টকাৰো অধিক বিনিয়োগেৰে এই প্ৰকল্পটো গঢ়ি তোলা হৈছে।
ভাৰতৰ শক্তি আৰু পেট্ৰ’কেমিকেল খণ্ডত ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (এইচ পি চি এল) আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগ হিচাপে এই প্ৰকল্পটো গঢ়ি তোলা হৈছে। ইয়াৰ বাৰ্ষিক ক্ষমতা ৯০ লাখ টন হ’ব।
