বিশ্বজুৰি চলি থকা সংঘাত আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে ভাৰতৰ কূটনৈতিক স্থিতি পুনৰ স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ স্পষ্টভাৱে কয় যে সামৰিক সংঘাতে কোনো সমস্যাৰ স্থায়ী সমাধান দিব নোৱাৰে, আৰু সংলাপ তথা কূটনৈতিক প্ৰচেষ্টাই হ’ব লাগে একমাত্ৰ পথ।
বৃহস্পতিবাৰে নতুন দিল্লীত অষ্ট্ৰিয়া (Austria)ৰ চ্যান্সেলৰ ক্রিষ্টিয়ান ষ্টকৰ(Christian Stocker)ৰ স’তে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ পাছত দিয়া ভাষণত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।
তেওঁ কয় যে বৰ্তমান বিশ্ব এক জটিল আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে, যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বই অনুভৱ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ দৰে সংঘাতপ্ৰৱণ অঞ্চলত স্থিৰতা আৰু দীৰ্ঘস্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূর্ণ। এই ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়াই একে দৃষ্টিভংগী ভাগ-বতৰা কৰে বুলিও তেওঁ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ অথবা পশ্চিম এছিয়াৰ উত্তেজনা—দুয়ো ক্ষেত্ৰতেই ভাৰত সদায়েই সংযম, সংলাপ আৰু কূটনৈতিক সমাধানৰ পক্ষে অৱস্থান গ্ৰহণ কৰি আহিছে। এই নীতিত অটল থাকিয়েই ভাৰত পুনৰ এবাৰ বিশ্বমঞ্চত নিজৰ দৃষ্টিভংগী স্পষ্ট কৰিছে।
ইফালে, ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰেক্ষাপটত অষ্ট্ৰিয়াৰ চ্যান্সেলৰৰ এই ভ্ৰমণ বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভ্ৰমণে দুয়ো দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত নতুন দিশ মুকলি কৰিব।






























