Amritpal Singh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-পঞ্জাৱৰ খাদূৰ চাহাবৰ সাংসদ তথা নিষিদ্ধ ঘোষিত ৱাৰিছ পঞ্জাব দে’ ৰ মুৰব্বী অমৃতপল সিঙ এনএছএ অধীনত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে ডিব্ৰুগড় কাৰাগাৰত ৷ আজি অন্ত পৰিছিল অমৃতপালৰ এনএছএৰ ম্যাদ ৷ সেই অনুসৰি মঙলবাৰেই পঞ্জাৱ আৰক্ষীৰ এটা দল উপস্থিত হৈছিল ডিব্ৰুগড়ত ৷ কিন্ত অপ্ৰত্যাশিতভাৱে পঞ্জাৱ আৰক্ষীয়ে বুধবাৰে ১৩টাৰো অধিক গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে ৷অমৃতপাল সিঙক
স্মতৰ্ৱ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত অমৃতপালৰ বৰ্তমানৰ আটকৰ ম্যাদ ২২ এপ্ৰিলত শেষ হ’ব। তেওঁক মুকলি কৰি দিয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ অধিবক্তাই মুখ্য ন্যায়াধীশ শীল নাগুৰ নেতৃত্বত চলা বিচাৰপীঠৰ সন্মুখত যুক্তি আগবঢ়ায় যে ৰাজ্যৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় কাৰাগাৰত তেওঁক ৰখাটো অতি প্ৰয়োজনীয়।
পঞ্জাৱ চৰকাৰে তেওঁৰ বন্দীত্ব বৃদ্ধি কৰাৰ চেষ্টা চলাই থকাৰ সময়তে উচ্চ ন্যায়ালয়ে অমৃতপালক আন এক আইনী আঘাত দিয়ে । ২০২৫ চনৰ এপ্ৰিল মাহত জাৰি কৰা তৃতীয়টো ডিটেনচন অৰ্ডাৰক প্ৰত্যাহ্বান জনাই অমৃতপালৰ আবেদন আদালতে খাৰিজ কৰে।মুখ্য ন্যায়াধীশ শ্বিল নাগুৰ আৰু ন্যায়াধীশ সঞ্জীৱ বেৰীৰে গঠিত বিচাৰপীঠে কয় যে, “প্ৰতিৰোধমূলক ডিটেনচন আদেশ ন্যায়িক পৰ্যালোচনাৰ পৰিসৰৰ বাহিৰত আৰু বৰ্তমানৰ পৰিস্থিতিত হস্তক্ষেপ কৰাৰ কোনো বাধ্যতামূলক কাৰণ নাই।”
উল্লেখযোগ্য অমৃতপল সিঙক ২০২৩ ত এন এছ এৰ অধীনত আজনলা থানাত আক্ৰমণৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁক অসমৰ ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছে। বিগত লোকসভা নিৰ্বাচনত খাদূৰ চাহাবৰ আসনৰ পৰা জেলত থকা অৱস্থাত জয়লাভ কৰিছিল।
