Guwahati High Court:পৱন খেৰাৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চ ন্যায়ালয়ে

WhatsApp Image 2026 04 22 at 11.54.43 AM

Guwahati High Court:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কংগ্রেছৰ মুখপাত্ৰ পৱন খেৰাৰ আগতীয়া জামিন আবেদনৰ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয় যদিও ন্যায়াধীশে ৰায়দান সংৰক্ষিত বাখে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শর্মাৰ তিনিখন বিদেশী ৰাষ্ট্ৰৰ পাৰপত্ৰ আৰু বহিঃৰাষ্ট্ৰত বৃহৎ সম্পত্তি থকাৰ অভিযোগ খেৰাই উত্থাপন কৰিছিল। ইয়াৰ বিৰুদ্ধে ৰিণিকি ভুঞা শৰ্মাই আৰক্ষীৰ অপৰাধ শাখাত দাখিল কৰা গোচৰটোত আগতীয়া জামিন বিচাৰি খেৰাই কালি আবেদন দাখিল কৰে।

মঙলবাৰে ন্যায়াধীশ পার্থিব জ্যোতি শইকীয়াৰ আদালতত আবেদনখনৰ শুনানি অনুষ্ঠিত হয়। খেৰাৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে।

আনহাতে, অসম চৰকাৰৰ হৈ যুক্তি প্রদর্শন কৰে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। মহাধিবক্তাই খেৰাৰ জামিনৰ বিৰোধিতা কৰাৰ বিপৰীতে আবেদনকাৰী পক্ষৰ অধিবক্তান্বয়ে জামিন প্ৰদানৰ সপক্ষে যুক্তি দিয়ে। দীঘলীয়া সময়জুৰি চলা শুনানিৰ পাছত আদালতে ৰায় সংৰক্ষিত ৰখা বুলি ঘোষণা কৰে।

উল্লেখ্য যে অপৰাধ শাখাই গোচৰ ৰুজু কৰিয়েই কংগ্ৰেছ নেতাজনক বিচাৰি দিল্লীতো অভিযান চলায়। আনহাতে, গোচৰটোৰ বাবে খেৰাই তেলেংগানা উচ্চ ন্যায়ালয়ত আগতীয়া জামিন আবেদন দাখিল কৰে। কিন্তু আবেদনৰ বিষয়বস্তুৰ লগত অসমৰহে সম্পর্ক থকাৰ বাবে উচ্চ ন্যায়ালয়খনে খেৰাক অসমৰ কোনো আদালতত এই আবেদন দাখিলৰ পৰামৰ্শ দি তাৰ বাবে এসপ্তাহ অন্তৱর্তীকালীন সকাহ প্রদান কৰে। তেতিয়া খেৰা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়েও তেলেংগানা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ লগত সহমত পোষণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতাজন সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ পূর্বে তেলেংগানা উচ্চ ন্যায়ালয়ৰ নির্দেশটোক প্রত্যাহান জনাই অসম আৰক্ষী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীৰ পক্ষে ৰায়দান কৰিছিল

Exit mobile version