NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

WhatsApp Image 2026 04 22 at 4.32.02 PM

NAGAON:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও জিলাৰ বৰজহাৰ সক্ৰিয় ৰাজহুৱা কৰ্মী তথা অসম চৰকাৰৰ অধীনস্থ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰবীন মজুমদাৰৰ মৃত্যু । মাঘ বিহুৰ উৰুকাৰ দিনৰে পৰা অসুস্থ হৈ সময়ে সময়ে চিকিৎসাধীন হৈ থকা মজুমদাৰে আজি নিশা ২.৩০ বজাত গুৱাহাটীৰ ‘এক্সেল কেয়াৰ’ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । ২০১৬ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি সমাজৰ বিভিন্ন উন্নয়নশীল কামৰ সৈতে জড়িত হৈ নগাঁও জিলাত এক সুকীয়া পৰিচয় অৰ্জন কৰিছিল সদ্যপ্ৰয়াত সৰবৰহী ব্যক্তিগৰাকীয়ে ।

বৰজহা কীৰ্তনঘৰ পৰিচালনা সমিতি, অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা দক্ষিণপাটৰ ‘মনচুন কলা পৰিষদ শাখা সাহিত্য সভা’, বৰজহা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপন সমিতি, জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ, কোচ-ৰাজবংশী সন্মিলনী, শ্ৰীমন্ত শংকৰদেৱ সংঘ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল তেওঁ । প্ৰায় সত্তৰ বছৰ বয়সত জীৱন বন্তি নিৰ্বাপিত হোৱা মজুমদাৰ এগৰাকী সমাজ সচেতন ব্যক্তি আছিল । মগজুৰ কোষৰ অস্বাভাৱিক বৃদ্ধিয়েই টানিলে তেওঁৰ জীৱনৰ ইতিৰেখা । এতিয়া সমগ্ৰ দক্ষিণপাট অঞ্চলতে বিৰাজমান শূন্যতা ।

সমাজমুখী, সংস্কাৰী মনৰ ব্যক্তিগৰাকীৰ মৃত্যুত নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচন, অৰুণোদয় পুথিভঁৰাল, বৰজহা ৰঙালী বিহু উদযাপন সমিতি, সৃষ্টি, নগাঁও জিলা সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৰহৰি আঞ্চলিক শাখা আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও জী-জোঁৱাই, নাতি-নাতিনীৰ লগতে আত্মীয়-স্বজনক এৰি থৈ গৈছে ।

Exit mobile version