Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- নগাঁও ছোৱালী কলেজৰ কুশীলৱ প্ৰেক্ষাগৃহত ২১,২২আৰু ২৩ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ এখনি এড়ীসূতা কটা কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলবাৰে এগছি বন্তিৰে শুভাৰম্ভ কৰা কৰ্মশালাখন কলেজ খনৰে উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মৰমী গায়নে সভাপতিত্ব কৰে।
গুৱাহাটী কামৰূপ মেট্টৰ সাত পখলী গাঁৱৰ বাসিন্দা তথা এড়ীসূতা কটা বিদ্যুৎ চালিত যন্ত্ৰৰ উদ্ভাৱক সতীশ চোধুৰীয়ে উল্লেখ্য যন্ত্ৰটো উদ্ভাৱন কৰাৰ প্ৰাক্ক্ষণত কেনেকৈ এইক্ষেত্ৰ খনত মনোনিৱেশ কৰিলে কিয়নো কৰিব লগা হ’ল বৃষ্টিত ভাৱে বহলাই কয়।তেখেতে আৰু কয়- ১৯৭৫ চনত প্ৰায় ছয় বছৰ মান বয়সৰ পৰাই তেখেতৰ মাতৃক কাপোৰ বোৱা কাৰ্যত কাপোৰ বোৱা সজুঁলি বনাই সহায় কৰি আহিছিল আৰু নিজকে নিয়োজিত কৰিবলৈ পায় সুখি হৈছিল।
২০১৬ চনত হাতেৰে পেডেল মৰা এড়ীসূতা কটা কাঠৰ ষন্ত্ৰ প্ৰস্তুোত কৰি অতি কম সময়ত শিপিনে সকলে ব্যৱহাৰ কৰিব পৰাকৈ ২০১৯চনৰ জুনত এই বিদ্যুৎ চালিত এড়ীসূতা কটা যন্ত্ৰটো উদ্ভাৱন কৰে বুলি জনোৱাৰ লগতে এগৰাকী শিপিনীয়ে দৈনিক এই যন্ত্ৰৰ সহায়ত আঠঘণ্টা কাম কৰি কৰিলে মাহত যন্ত্ৰটোৰ বাবদ এক ইউনিত বিদ্যুৎ খৰচ হয় বুলিও জনাইছে। অসমৰ বাহিৰেও ভাৰত বৰ্ষৰ বিভিন্ন ঠাইলৈ এড়ীসুতা কটা যন্ত্ৰটো ৰপ্তানী কৰে বুলি উপস্থিত ছাত্ৰী আৰু শিপিনীৰ আগত চোধুৰীয়ে অৱগত কৰে।
নঃ ছোঃ কলেজৰ অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অমিয়া পাটৰে আঁতধৰা কৰ্মশালা খনিত নগাঁও ৰেচম বিভাগৰ জাহেদা বেগমেও এই এড়ীসূতা কটা যন্ত্ৰৰ ব্যৱহাৰ কৰি পোৱা অভিজ্ঞতা বিষয়ে জনায়। এড়ীসূতা কটা যন্ত্ৰটো দীঘল ১৬ইঞ্চি,বহল ৬ ইঞ্চি,উচ্চতা ৯ ইঞ্চি আৰু আঢ়ৈ কেজি ওজনেৰে নিৰ্মিত এক সম্পদ। এগৰাকী শিপিনীৰ জীৱিকাৰ উপযোগী এই সম্পদটো উপাধ্যক্ষা মৰমী গায়নে মুকলি কৰি উপস্থিত লোক সকলক আদৰণি জনায়।






























