Pakistan Airports Authority:পাকিস্তানৰ আকাশত ভাৰতীয় বিমান উৰণত নিষেধাজ্ঞা পুনৰ এমাহলৈ বৃদ্ধি

WhatsApp Image 2026 04 22 at 1.17.23 PM

Pakistan Airports Authority:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:পাকিস্তানৰ আকাশত ভাৰতীয় বিমান উৰণত নিষেধাজ্ঞাৰ সময়সীমা পুনৰ এবাৰ বৃদ্ধি কৰিছে পাকিস্তানে I শেহবাজ শৰীফ(Shehbaz Sharif)ৰ নেতৃত্বাধীন চৰকাৰে এই নিষেধাজ্ঞা আৰু এমাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

তথ্য অনুসৰি নতুন সিদ্ধান্ত অনুসৰি আগন্তুক ২৪ মে’লৈ এই নিষেধাজ্ঞা বলবৎ থাকিব। ইয়াৰ ফলত পহলগাম (Pahalgam) নৰসংহাৰৰৰ পাছত আৰম্ভ হোৱা বিমান চলাচলৰ অচলাৱস্থা এতিয়া আৰু দীঘলীয়া হ’ব।

উল্লেখযোগ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ পাছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিত ভাৰত আৰু পাকিস্তান দুয়ো দেশেই পৰস্পৰৰ বাবে নিজৰ আকাশসীমা বন্ধ কৰিছিল।

আগতে পাকিস্তানৰ জাৰি কৰা নিৰ্দেশনা অনুসৰি এই নিষেধাজ্ঞা ২৩ জানুৱাৰীলৈ বলবৎ আছিল। পাছত ফেব্ৰুৱাৰী মাহত সেই সময়সীমা বৃদ্ধি কৰা হৈছিল আৰু এতিয়া পুনৰ এবাৰ বৃদ্ধি কৰা হৈছে।

Pakistan Airports Authorityই ইতিমধ্যে ‘Notice to Airmen (NOTAM)’ জাৰি কৰি এই সিদ্ধান্তৰ কথা জনাইছে। এই বিজ্ঞপ্তি অনুসৰি সকলো ভাৰতীয় বাণিজ্যিক আৰু সামৰিক বিমান ২০২৬ চনৰ ২৪ মে’ পুৱা পাঁচ বজালৈ পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিব নোৱাৰিব।

Exit mobile version