khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

ৰাজ্যিক বিজেপিৰ উদ্যোগত বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে এই সমদল, সমদলত অংশগ্ৰহণ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী অজন্তা নেওগ,সাংসদ বিজুলী কলিতা মেধি

WhatsApp Image 2026 04 23 at 2.41.27 PM

khanapara:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহিলাৰ বাবে সংসদ – বিধানভাত ৩৩ শতাংশ সংৰক্ষণ বিল বিৰোধীতা কৰা কংগ্ৰেছ সহ বিৰোধী দলৰ প্ৰতি বিজেপিৰ মহিলা মৰ্চাই বৃহস্পতিবাৰে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে  ৷ গুৱাহাটীটো ৰাজ্যিক বিজেপিৰ উদ্যোগত বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে এক সমদল উলিওৱা হয় ৷ সমদলৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এক প্ৰতিবাদ সভা ৷ সভাত অংশ লয় বৰ্ষীয়ান ৰাজনীতিক তথা বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী অজন্তা নেওগ,সাংসদ বিজুলী কলিতা মেধি,প্রাক্তন সাংসদ কুইন ওজাই৷

ইয়াৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা গণেশ মন্দিৰলৈ বাহিৰ কৰা হয় এক বিশাল সমদল ৷ সমদলত বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মকতাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ বহু কেই গৰাকী প্ৰবীন শিল্পী- অভিনেতা- অভিনেত্ৰীয়েও অংশ লয় ৷ কংগ্ৰেছ বিৰোধী বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰে সমদলকাৰী সকলে।

Exit mobile version