khanapara:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহিলাৰ বাবে সংসদ – বিধানভাত ৩৩ শতাংশ সংৰক্ষণ বিল বিৰোধীতা কৰা কংগ্ৰেছ সহ বিৰোধী দলৰ প্ৰতি বিজেপিৰ মহিলা মৰ্চাই বৃহস্পতিবাৰে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ গুৱাহাটীটো ৰাজ্যিক বিজেপিৰ উদ্যোগত বিৰোধীৰ মহিলা বিৰোধী নীতি আৰু স্থিতিৰ বিৰুদ্ধে এক সমদল উলিওৱা হয় ৷ সমদলৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এক প্ৰতিবাদ সভা ৷ সভাত অংশ লয় বৰ্ষীয়ান ৰাজনীতিক তথা বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী অজন্তা নেওগ,সাংসদ বিজুলী কলিতা মেধি,প্রাক্তন সাংসদ কুইন ওজাই৷

ইয়াৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা গণেশ মন্দিৰলৈ বাহিৰ কৰা হয় এক বিশাল সমদল ৷ সমদলত বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মকতাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ বহু কেই গৰাকী প্ৰবীন শিল্পী- অভিনেতা- অভিনেত্ৰীয়েও অংশ লয় ৷ কংগ্ৰেছ বিৰোধী বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰে সমদলকাৰী সকলে।






























