Pakistan Petrol-Diesel Price Hike:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতৰ চুবুৰীয়া পাকিস্তানত হোহোৱাই বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ দাম ৷ পেট্র’ল-ডিজেল উভয়তে দাম বৃদ্ধি কৰা হ’ল ২৬.৭৭ টকাকৈ । যাৰ ফলস্বৰূপে প্ৰতিলিটাৰ পেট্ৰ’লৰ নতুন দাম ৩৯৩.৩৫ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ নতুন দাম ৩৮০.১৯ টকা ৷
উল্লেখ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনাৰ সুবিধা কৰি পাকিস্তানে বিশ্বব্যাপী প্ৰশংসা লাভৰ চেষ্টা চলাইছে যদিও চৰকাৰে পুনৰবাৰ জনসাধাৰণৰ ওপৰত মুদ্ৰাস্ফীতিৰ বোমা নিক্ষেপ কৰিছে।
শ্বাহবাজ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি কৰি দেশৰ মুদ্ৰাস্ফীতিৰ ক্ষতিগ্ৰস্ত জনসাধাৰণৰ ওপৰত আন এক উল্লেখযোগ্য বোজা বৃদ্ধি কৰিছে। পেট্ৰলিয়াম মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া অধিসূচনা অনুসৰি প্ৰতিলিটাৰ পেট্ৰল আৰু ডিজেল উভয়ৰে মূল্য ণে ২৬.৭৭বৃদ্ধি কৰা হৈছে।
এই বৃদ্ধিৰ লগে লগে পেট্ৰ’লৰ নতুন মূল্য প্ৰতি লিটাৰত ৩৯৩.৩৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৮০.১৯ টকা হৈছেগৈ। এই নতুন নিৰিখ ২৫ এপ্ৰিল (শনিবাৰ)ৰ মাজনিশাৰ পৰা কাৰ্যকৰী হয়।
মন কৰিবলগীয়া যে যোৱা মাহত পাকিস্তানে ডিজেল আৰু পেট্ৰ’লৰ মূল্য ৫০%তকৈ অধিক বৃদ্ধি কৰিছিল। ডিজেলৰ মূল্য ৫৫%তকৈ অধিক বৃদ্ধি কৰি প্ৰতি লিটাৰত ৫২০.৩৫ টকা হোৱাৰ বিপৰীতে পেট্ৰ’লৰ মূল্য প্ৰায় ৫৫% বৃদ্ধি পাই প্ৰতি লিটাৰত ৪৫৮.৪০ টকা হয়।
মনকৰিবলগীয়া যে এই গুৰুত্বপূৰ্ণ মূল্য পৰিৱৰ্তনৰ মূল কাৰণ আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা আৰু চৰকাৰে পেট্ৰলিয়াম লেভি বৃদ্ধি কৰা বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ ডিজেলৰ মূল্যবৃদ্ধিয়ে মালবাহী আৰু কৃষি খণ্ডত প্ৰত্যক্ষ প্ৰভাৱ পেলাব ৷যাৰ ফলত অনাগত দিনত খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ মূল্য আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকট হৈ পৰিছে।
