পাকিস্তানৰ প্ৰতিরক্ষা মন্ত্ৰী খোৱাজা আছিফ (Khawaja Asif)ৰ শেহতীয়া মন্তব্যৰ প্ৰতি কঠোৰ প্ৰতিক্ৰিয়া জনাইছে ভাৰতৰ প্ৰতিরক্ষা মন্ত্ৰী ৰাজনাথ সিং(Rajnath Singh)য়ে। পহলগাম সন্ত্রাসী আক্ৰমণৰ বৰ্ষপূৰ্তিৰ প্ৰেক্ষাপটত তেওঁ স্পষ্টকৈ সতৰ্ক কৰি কয়— প্ৰতিবেশী দেশৰ পৰা যিকোনো ধৰণৰ উচটনি বা অশান্তিৰ চেষ্টা হ’লে ভাৰত উপযুক্ত প্ৰত্যুত্তৰ দিব।
বুধবাৰে জাৰ্মানী(Germany)ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে কয়, “ভাৰতৰ ইতিহাস চালে দেখা যায় যে ভাৰত নিজে কেতিয়াও আন কোনো দেশত আক্ৰমণ চলোৱা নাই। শক্তিশালী ৰাষ্ট্ৰই কেতিয়াও আগবাঢ়ি আক্ৰমণ নকৰে। কিন্তু প্ৰতিবেশীয়ে যদি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেন্তে ভাৰত নীৰৱে বহি নাথাকে।” তেওঁ লগতে কয়, “আমাৰ সকলো প্ৰতিবেশী ভাল, মাত্ৰ এখনৰ বাদে।”
ৰাজনাথে লগতে উল্লেখ কৰে যে ভাৰত এতিয়া আগতকৈ অধিক শক্তিশালী হৈছে। তেওঁ কয়, “আমাৰ সেনাই ‘অপাৰেশ্যন সিন্দূৰ’ত কি কৰি দেখুৱাইছে, সেয়া নতুনকৈ ক’বলগীয়া নহয়।”
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়েও পহলগাম আক্ৰমণত নিহতসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায়।
উল্লেখযোগ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম (Pahalgam)ৰ বৈশৰণ উপত্যকাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ২৬ জন লোকক হত্যা কৰিছিল। নিহতসকলৰ ভিতৰত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় ব্যৱসায়ী আছিল।
এই আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই ‘অপাৰেশ্যন সিন্দূৰ’ চলাই পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰি একাধিক সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াৰ পিছতেই ভাৰত-পাকিস্তানৰ মাজত সংঘাত তীব্ৰ হয় আৰু এই সংঘৰ্ষত পাকিস্তানৰ কেবাটাও সামৰিক ব্যৱস্থা ক্ষতিগ্ৰস্ত হয় ।






























