Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

জিলা আয়ুক্তৰ তদন্ত ঘোষণা

WhatsApp Image 2026 04 25 at 4.51.19 PM 1

Two prisoners died mysteriously in Nagaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁৱৰ দুখনকৈ কাৰাগাৰত অঘটন ৷ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত এজন কয়দীৰ মৃত্যু হোৱাৰ বিপৰীতে নগাঁও বিশেষ কাৰাগাৰত মৃত্যু হয় আন এজন কয়দীৰ ৷ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হোৱা কয়দীজন হ’ল ৰহাৰ জিতুমণি কোঁৱৰ ৷ শনিবাৰে পুৱা সতীৰ্থ কয়দীয়ে শোৱাপাটীতেই মৃত অৱস্থাত উদ্ধাৰ কৰে কোঁৱৰৰ নিথৰ দেহ ৷

আনহাতে নগাঁও বিশেষ কাৰাগাৰত মৃত্যু হোৱা কয়দীজনৰ নাম ৰূপসিং দেৰা ৷ এক হত্যাৰ গোচৰত অভিযুক্ত আছিল কাৰ্বি আংলঙৰ ৰূপসিং দেৰা। অৱশ্যে জানিব পৰা হোৱা নাই দুই কয়দীৰ মৃত্যুৰ কাৰণ ৷ দুই কয়দীৰ একেদিনাই মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় নগাঁৱত ৷ আনহাতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ৷ অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক তদন্তৰ দ্বায়িত্ব অৰ্পণ কৰা হয়।

Exit mobile version