বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

1460048 car crash safety 1500

বিজনীৰ পুৰণি বাছ আস্থানত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, AS-07BC-7988 নম্বৰৰ এখন মালবাহী বলেৰ’ পিক-আপ গাড়ী বিজনীৰ পৰা গেৰুকাবাৰী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদপথত ৰৈ থকা দুজন ব্যক্তিক খুন্দা মাৰে।

এই দুৰ্ঘটনাত বঙাইগাঁও জিলাৰ মৌতাৰা নিবাসী অমিত বসুমতাৰী (৫৫) আৰু বিজনীৰ ফাগুণাগাঁও নিবাসী প্ৰাণবাসী বৰ্মন গুৰুতৰভাৱে আহত হয়।

তত্ক্ষণাত দুয়োজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে প্ৰাণবাসী বৰ্মনক মৃত বুলি ঘোষণা কৰে। আনহাতে, আহত অমিত বসুমতাৰীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ স্থানান্তৰ কৰা হৈছে।

ঘটনাৰ পাছত আৰক্ষীয়ে দুৰ্ঘটনাত জড়িত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি অধিক তথ্য সংগ্ৰহত নিয়োজিত হৈছে।

Exit mobile version