DCP Pressmeet:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কালিকা লগা শনিবাৰে গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সন্মুখত মাজনিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনি গৰাকীকৈ যুৱতীয়ে ৷ যুৱতী তিনি গৰাকী উঠি অহা এএছ০১-জিপি ০৫৬১১ নম্বৰৰ ছুইফট ডিজায়াৰ খনে তীব্ৰবেগত আহি ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ফলত কৰুণ মৃত্যুক সাবটি লয় সোণাৰিৰ সাপেখাটিৰ আকাংক্ষা শইকীয়া ,বঙাইগাঁৱৰ আৰামিনা আহমেদ আৰু মেঘালয়ৰ উইলিয়াম নগৰৰ পূজা সাহা ৷ আকাংক্ষা আৰু পূজা আছিল মহানগৰীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। একেদৰে আৰামিনা আহমেদ আছিল ইঞ্জিনীয়াৰিঙৰ চুড়ান্তবৰ্ষৰ শিক্ষাৰ্থী ৷
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ছুইফট ডিজায়াৰ খনৰ চালক ছামিম আহমেদ সামান্য আঘাতপ্ৰাপ্ত হয় ৷ তেওঁ গে’ট হাস্পতালত চিকিৎসা কৰি নিশাই অন্তধ্যান হয় । নিজৰ ম’বাইলৰ ছুইটছ অফ কৰি আত্মগোপন আছিল যদিও ২৭ এপ্ৰিলত ছামিমৰ উপস্থিতি ডিব্ৰুগড় বিমান বন্দৰৰ ওচৰত অৱস্থিতি আৰক্ষীয়ে ধৰা পেলাই তৎমুহূৰ্ততে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷
ইতিমধ্যে ধৃত ছামিম আহমেদক ডিব্ৰুগড় আৰক্ষীয়ে নিশাই নুনুমাটি আৰক্ষীক চমজাই দিয়াৰ পিছত মঙলবাৰে গুৱাহাটীলৈ লৈ অনা হয় ছামিমক ৷ এক সংবাদমেলক চামিমক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ জেৰাত উল্লেখ কৰা কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে গুৱাহাটীৰ যানবাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথি বৰাই।
ডিচিপি গৰাকীয়ে সংবাদমেলক উল্লেখ কৰে যে মহানগৰীৰ ৰুদ্ৰাহ্ম মলৰ বিলাসী’এক্সৰো বাৰত’ ছামিম সহ তিনি যুৱতী ক্ৰমে আকাংক্ষা,আৰামিনা আৰু পূজাই শনিবাৰে নিশা ১১ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈকে বাৰ খনত থাকি সেৱন কৰিছিল সুৰা ৷ ইয়াৰ বাবে বাৰত পেমেন্ট কৰিছিল ১৯ হেজাৰ টকা ৷ ইয়াৰ পিছত ৩ বজাত বাৰ খনৰ পৰা প্ৰস্থান কৰি গুৱাহাটীৰ বিভিন্ন পথত ১৩৫ কিলোমিটাৰ গতিবেগত ঘূৰি ফুৰিছিল তেওঁলোক উঠি অহা ছুইফট ডিজায়াৰ বাহনখন । পুৱতি নিশা ৪-০২ মিনিটত মঠঘৰীয়াত ৯৬ কিলোমিটাৰ গতিবেগত ছুইফট ডিজায়াৰ বাহনখনে ৰৈ থকা ট্রাক খনত খুন্দিয়াইছিল ৷ যাৰ ফলস্বৰূপে তিনিও যুৱতীয়ে কৰুণ মৃত্যুক সাবটি লয় ৷
ডিচিপি গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে যে তিনি যুৱতী সহ ছামিম আহমেদ ৰুদ্ৰাহ্ম মলৰ বিলাসী’এক্সৰো বাৰত সুৰা সেৱন কৰি থকা আৰু বাৰত পেমেন্ট কৰা সকলো দৃশ্য আবদ্ধ আছে বাৰৰ চিচিটিভি কেমেৰাত।
