উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

 

1000829373

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দৰঙৰ এখন আগশাৰীৰ ছোৱালী শিক্ষানুষ্ঠান পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে।

মুঠ ১৩২ গৰাকী ছাত্রী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ৯৪গৰাকী, দ্বিতীয় বিভাগত ৩৬গৰাকী, তৃতীয় বিভাগত ০২গৰাকীয়ে উত্তীৰ্ণ হোৱাত ১০০% উত্তীৰ্ণৰ কৃতিত্ব লাভ কৰে বিদ্যালয় খনে ।

বিদ্যালয়ৰ ছাত্ৰী মুবিনা জামানে নৃতত্ব বিভাগত ১০০ নম্বৰ লাভ কৰি ৰাজ্যিক সৰ্বোচ্চ নম্বৰ লাভৰ কৰে সুখ্যাতি অৰ্জন কৰাৰ বিপৰীতে ৰেহেনা বেগম আৰু পাৰবীন চুলতানাই এই বিষয়ত ৯৮ নম্বৰকৈ লাভ কৰে।

এই বিদ্যালয়ৰ মুঠ ৬ গৰাকীয়ে ডিছটিশ্বন আৰু ১৮ গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়। বৃত্তিমূলক শিক্ষা বিভাগত মুঠ ১৮ গৰাকীয়ে অবতীর্ণ হৈ প্ৰথম বিভাগ ১৪ গৰাকীয়ে আৰু দ্বিতীয় বিভাগত ৪ গৰাকীৰ প্ৰত্যেকে দুটাকৈ বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়।

নাৰী শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ এই পাৰদৰ্শিতাত সদৰ চহৰ মঙলদৈৰ লগতে সমগ্ৰ জিলাখনতে এক উৎসাহজনক পৰিবেশ পৰিলক্ষিত হৈছে।

Exit mobile version