অভয়াপুৰীৰ মেধাৱী ছাত্ৰ মমিনুৰ ইছলামে পাৰিবাৰিক দায়িত্বৰ মাজতো অধ্যয়ন অব্যাহত ৰাখি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৯০.২ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
মমিনুৰৰ পিতৃ মকবুল হুছেইনৰ নলডোবা বজাৰত এখন গেলামাল দোকান আছে, যাৰ জৰিয়তেই পৰিয়ালৰ জীৱিকা চলে। দেউতাকৰ অনুপস্থিতিত বা বজাৰত যোৱাৰ সময়ত দোকানখনৰ সম্পূৰ্ণ দায়িত্ব নিজেই বহন কৰে মমিনুৰে।
গ্ৰাহক নথকা সময়ত দোকানতেই বহি অধ্যয়ন চলাই নিজৰ শিক্ষাৰ পথ আগবঢ়াই নিয়ে তেওঁ।
এই পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ ফলতেই সদ্য ঘোষিত পৰীক্ষাৰ ফলাফলত তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। মমিনুৰে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ লগতে এজন ভাল মানুহ হোৱাৰ লক্ষ্য স্থিৰ কৰিছে বুলি জানিবলৈ দিয়ে।
পুত্ৰৰ এই সাফল্যত পিতৃ মকবুল হুছেইনো অত্যন্ত গৌৰৱান্বিত বুলি প্ৰকাশ কৰিছে।































