নলবাৰী বিধানসভা সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ কুন্দৰগাঁও- জাৱৰিহাটী (লাটিমা) গাঁৱৰ পথৰ দুৰৱস্থাই দুর্ভোগ ভোগাইছে ছাত্র-ছাত্রী, পথচাৰীক। এই ক্ষেত্রত জনপ্রতিনিধিয়ে নির্বিকাৰ ভূমিকা গ্রহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
বিলপাৰ-নাৰিকুছি বৰখালা পথৰ লাটিমাৰ মিলৰ চ’কৰ পৰা মুছলিম চুবুৰিটোৰ মাজেৰে ৰাজহুৱা কৱৰস্থান আৰু ঈদগাহৰ কাষেৰে ঘগ্রা মথাউৰিলৈ পথটো অতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। এজাক বৰষুণ পৰিলেই পথটোত বোকা-পানীৰে একাকাৰ হৈ পৰে। ইয়াৰ ফলত চুবুৰিটোৰ ছাত্র-ছাত্রী, পথচাৰীয়ে পথটোৰে চলাচল কৰিব নোৱাৰা হয়। আনকি চুবুৰিটোৰ কোনো লোকৰ বেমাৰ হ’লে হাস্পতাললৈ উলিয়াই নিয়াৰ পৰিৱেশ নাথাকে।
আনহাতে, চুবুৰিটোৰ যুৱকসকল মিলিত হৈ হাতৰ ধন খৰচ কৰি পথছোৱাত শিল বালি ছটিয়াই যাতায়াতৰ কিছু সুচল কৰিছিল যদিও বাৰিষাৰ সময় অহাৰ লগে লগে পুনৰ একেই অৱস্থা হৈছে। তদুপৰি বিলপাৰ-নাৰিকুছি বৰখালা পথৰ পৰা দক্ষিণ দিশে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লাটিমাস্থিত পিতৃ গৃহৰ কাষেৰে খেতি পথাৰলৈ যোৱা পথছোৱাৰ অৱস্থাও জৰাজীর্ণ।
উল্লেখ্য যে পথছোৱাত পঞ্চায়তৰ আঁচনিৰ জৰিয়তে শিল-বালি দিছিল যদিও বাস্তৱত বিশেষ একো উন্নয়ন হোৱা নাই বুলি স্থানীয়ই মত ব্যক্ত কৰিছে। এতিয়া বৰষুণ পৰাৰ লগে লগে পথছোৱা আগৰ দৰে হোৱা বুলিও সদৰী কৰে। তদুপৰি লাটিমাৰ বড়ো চুবুৰিটোৰ পথছোৱাৰ অবস্থাও পুতৌ লগা। উক্ত পথছোৱাতো পঞ্চায়তৰ আঁচনিৰ জৰিয়তে শিল-বালি দিছিল যদিও বিশেষ একো কামত হোৱা নাই বুলি স্থানীয় ৰাইজে জনায়।
ইপিনে, বৰষুণ পৰাৰ লগে লগে বড়ো চুবুৰিৰ পথছোৱাৰো অবস্থা একেই হৈছে। উল্লেখ্য যে পঞ্চায়ত প্রতিনিধিসকলক সময়ে সময়ে আবেদন নিবেদন কৰি অহাৰ উপৰি সভা-সমিতিয়ে অৱগত কৰি অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিলে বুলি স্থানীয়ই আক্ষেপ কৰে।
পঞ্চায়ত প্রতিনিধিসকলে সভা সমিতিত বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰাৰ উপৰি এই আঁচনিসমূহ পর্যায়ক্রমে ৰূপায়ণ কৰা হ’ব বুলি দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত হোৱা বুলিও সদৰী কৰে। কুন্দৰগাঁও-জাৱৰিহাটী (লাটিমা) গাঁৱৰ উল্লিখিত পথ তিনিছোৱা শীঘ্রে মেৰামতি কৰি চুবুৰি তিনিটাৰ লোকসকলৰ চলাচল কৰাৰ সুবিধা কৰি দিয়াৰ বাবে বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে।
পিছে এইবাৰ গাঁও পঞ্চায়তত জয় হোৱা পঞ্চায়ত প্রতিনিধিসকলে এই পথৰ বিধ্বস্ত ৰূপ আঁতৰ কৰাত কি ভূমিকা লয় সেয়া লক্ষ্যণীয় হ’ব।






























