ECI suspends ACS officer:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দেশৰ নিৰ্বাচন আয়োগৰ ৰোষত পৰি নিলম্বন হ’ল অসমৰ এজন এচিএছ বিষয়া ৷ বিষয়াজনৰ নাম মনোৰঞ্জন পায়েং ৷ তেওঁ বৰ্তমান কাৰ্যৰত হৈ আছে লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে I উদ্থাপিত অভিযোগ অনুসৰি বিষয়া গৰাকীয়ে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচনী বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ৰঙানদী সমষ্টিৰ বহু নথিত VVTত অভাৰলেপিং কৰিছিল ৷ বিশেষকৈ ৰঙানদী সমষ্টিৰ বিজেপি প্রার্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী ব্যয় হ্রাস দেখুৱাই স্বাক্ষৰ কৰিছিল বিষয়া গৰাকীয়ে ।
এই সন্দৰ্ভত প্ৰাপ্ত অভিযোগমৰ্মে নিৰ্বাচন আয়োগে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি বিষয়াজনৰ এই অনিয়ম ধৰা পেলাই ৷ তাৰ পিছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এচিএছ বিষয়া গৰাকীক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷






























