আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

মানসিক চাপত আত্মহত্যাৰ সন্দেহ

1777628881 suicide 1

আমেৰিকাত এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত ছাত্ৰজনৰ নাম ইৰাগনবয়িনা চন্দু (Eraganboyina Chandu)। তেওঁ কুৰ্নুল(Kurnool)ৰ বাসিন্দা ।

সূত্ৰ অনুসৰি, তেওঁ চিকাগোৰ ডিপল ইউনিভাৰ্চিটি(DePaul University)ত স্নাতকোত্তৰ অধ্যয়ন কৰিবলৈ গৈছিল। পাঠ্যক্রম সমাপ্ত কৰাৰ পাছত তেওঁ চাকৰি সন্ধানত আছিল আৰু যোৱা কেবাটাও সপ্তাহ ধৰি চাকৰি বিচাৰি আছিল যদিও সফল হোৱা নাছিল।

পৰিয়াল আৰু আত্মীয়ৰ সূত্ৰে জনোৱা মতে, চাকৰি নোপোৱাৰ ফলত মানসিকভাৱে গভীৰভাৱে বিপৰ্যস্ত হৈ পৰিছিল চন্দু। বিশেষকৈ, পৰিয়ালে ঋণ লৈ তেওঁক বিদেশত অধ্যয়ন কৰিবলৈ পঠিয়াইছিল।

স্নাতকোত্তৰ শেষ কৰাৰ পাছত চাকৰি কৰি ঋণ পৰিশোধ কৰিব বুলি তেওঁ পৰিয়ালক আশ্বাস দিছিল। কিন্তু চাকৰি নোপোৱাৰ ফলত তীব্ৰ মানসিক চাপত আছিল বুলি সন্দেহ কৰা হৈছে।

এই পৰিস্থিতিৰ মাজতেই বৃহস্পতিবাৰে চিকাগোত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিকভাৱে আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও সকলো দিশৰ পৰা তদন্ত অব্যাহত আছে।

সূত্ৰ অনুসৰি, চন্দু সদায় পৰিয়ালৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত হৈ থাকিছিল। তেওঁৰ পিতৃ এগৰাকী নিৰাপত্তাৰক্ষী আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। ঘৰ পৰা পঠোৱা টকাৰ ওপৰতেই তেওঁ নিৰ্ভৰশীল আছিল।

চন্দুৰ মৃত্যুত পৰিয়াল সম্পূৰ্ণভাৱে ভাঙি পৰিছে। তেওঁৰ মৃতদেহ স্বদেশলৈ উভতাই অনাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনাইছে পিতৃ-মাতৃয়ে।

বন্ধুসকলৰ মতে, চন্দু অতি মিলনসাৰ আৰু মেধাৱী ছাত্ৰ আছিল। পৰিয়ালৰ আৰ্থিক দায়িত্বৰ কথা সদায় মনত ৰাখি আগবঢ়া এই ছাত্ৰজনে এনে এক চূড়ান্ত সিদ্ধান্ত ল’ব বুলি কোনোৱেই কল্পনা কৰা নাছিল।

Exit mobile version