উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

1777636295 thunder storm 1

প্ৰবল ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ(Uttar Pradesh)ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত ৪৮ ঘণ্টাত ২৪ জন লোকৰ মৃত্যু হোৱা লগতে ১৬ জন আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

তথ্য অনুসৰি ইয়াৰ উপৰিও ১৬টা পশুধন মৃত্যু গৈছে। ধুমুহা বতাহৰ ফলত বহু জিলাত বিদ্যুতৰ খুটি উভালি পৰাৰ লগতে কৃষিভূমি আৰু উৎপাদনো ব্যাপক ক্ষতি হৈছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি, বৰাবাংকি, বালিয়া, বান্দা, মহাৰাজগঞ্জ, মথুৰা, পীলিভীত, ৰামপুৰ আৰু সোনভদ্ৰ জিলাত আটাইতকৈ অধিক ক্ষতি হৈছে। আনহাতে মথুৰা, জালৌন, হৰদৈ, বুলন্দশহৰ, অউৰাইয়া, সম্ভল, শাহজাহানপুৰ, আগ্ৰা, আলীগড়, কানৌজ, ললিতপুৰ, সহাৰণপুৰ আৰু উন্নাও জিলাত প্ৰবল বৰষুণে অভিলেখ ৰচিছে।

ৰাজ্যৰ বতৰ বিভাগে জনোৱা মতে গজীয়াবাদ , নয়দা, ললিতপুৰ, আগ্ৰা আৰু মথুৰা জিলাত শিলাবৃষ্টিও হৈছে। লগতে দুই মে’ৰ পৰা এক পশ্চিমীয়া ধুমুহাও সক্ৰিয় হ’ব, যাৰ ফলত সমগ্ৰ ৰাজ্যত মেঘাচ্ছন্ন আকাশ আৰু ধুমুহা বতাহ বোৱাৰ সম্ভাৱনা আছে। তাপমাত্ৰাও কিছু হ্ৰাস পাব বুলি পূর্বাভাস দিয়া হৈছে।

তিনি মে’ত পূৱ আৰু পশ্চিম উত্তৰপ্ৰদেশত লঘু পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিভাগে ছয় মে’লৈকে এই ধৰণৰ বতৰ অব্যাহত থকাৰ পূর্বাভাস দিছে।

ভাৰতীয় আবহাৱা বিভাগ(India Meteorological Department)ৰ তথ্য অনুসৰি, ১ মে’ৰ পৰা পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ৰতো একেধৰণৰ বতৰ চলি থাকিব।

লগতে উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়া , পশ্চিম বংগ, ছিকিম আৰু ওড়িশাৰ পৰা ধাৰাসাৰ বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে।

Exit mobile version