FIFA World Cup 2026:মাৰ্কিন যুক্তৰাষ্ট্ৰত বিশ্বকাপ খেলিব ইৰাণে

ভেংকুভাৰত অনুষ্ঠিত ফিফা কংগ্ৰেছত ফিফা সভাপতি জিয়ানি ইনফান্টিনোৰ এই ঘোষণা

WhatsApp Image 2026 05 01 at 12.39.56 PM

FIFA World Cup 2026:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ইজৰাইল আৰু আমেৰিকাৰ সৈতে ইৰাণৰ সংঘটিত যুদ্ধই আগন্তুক ২০২৬ চনৰ বিশ্বকাপত বিৰূপ প্ৰভাৱ পৰিব বুলি বিভিন্ন মহলত সৰৱ চৰ্চা হৈ থকাৰ মাজতে ফিফা সভাপতি জিয়ানি ইনফান্টিনোৰে এক ডাঙৰ ঘোষণা কৰে যে মধ্য প্ৰাচ্য যুদ্ধৰ কোনো প্ৰভাৱ নপৰে । বৰং বিশ্বকাপ খেলিব ইৰাণে ৷

উল্লেখ্য যে অহা জুন-জুলাইত আমেৰিকা, মেক্সিকো, কানাডাই যুটীয়াভাৱে আয়োজন কৰিব বিশ্বকাপ ফুটবল ২০২৬ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত ইৰাণকে ধৰি ৪৮টা দলে অংশগ্ৰহণ কৰিব। ২০২৬ চনৰ ফিফা বিশ্বকাপ ১১ জুনৰ পৰা ১৯ জুনলৈ চলিব। দুয়োখন দেশৰ মাজত অসুবিধাজনক সম্পৰ্কৰ বাবে ইৰাণৰ দলটোৱে আমেৰিকালৈ যাত্ৰা কৰিব নে নকৰে সেয়া সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে।

স্মতৰ্ৱ্য যে ২০২৬ চনৰ বিশ্বকাপত ইৰাণে অংশ গ্ৰহণ কৰিবনে এই বিষয়টোৱে ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ মাজতে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ২০২৬ চনৰ বিশ্বকাপত ইৰাণে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি এক উল্লেখযোগ্য ঘোষণা কৰে। ভেংকুৱাৰত অনুষ্ঠিত হোৱা ফিফা কংগ্ৰেছৰ সময়ত ইনফান্টিনোৱে নিজৰ ভাষণৰ আৰম্ভণিতে কয় যে ইৰাণে কেৱল প্ৰতিযোগিতাখনতে খেলিবই নহয়, আমেৰিকাতো মেচ থাকিব। তেওঁ জোৰ দি কয় যে ফুটবল হৈছে মানুহক একত্ৰিত কৰাৰ এক মাধ্যম আৰু ইৰাণ নিজৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি বিশ্বকাপত অংশগ্ৰহণ কৰাৰ যোগ্য।

এছিয়ান কোৱালিফাইংৰ তৃতীয় ৰাউণ্ডত গ্ৰুপ এৰ শীৰ্ষ দল হিচাপে ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ইৰাণে। ইৰাণৰ এইখন ক্ৰমাগত চতুৰ্থবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰা হ’ব। এই প্ৰতিযোগিতাখনৰ বাবে ইৰাণক বেলজিয়াম, ইজিপ্ত, আৰু নিউজিলেণ্ডৰ সৈতে গ্ৰুপ জিত স্থান দিয়া হৈছে। ইয়াৰ গ্ৰুপ পৰ্যায়ৰ সকলো মেচ আমেৰিকাত অনুষ্ঠিত হ’ব, দুখন লছ এঞ্জেলছত আৰু এখন ছিয়াটলত। ইৰাণে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ বাবে নিৰপেক্ষ স্থানৰ বাবে অনুৰোধ জনাইছিল যদিও ফিফাই এই অনুৰোধ নাকচ কৰি মূল সূচীত অটল থকাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে ২০২৬ চনৰ ফিফা বিশ্বকাপতো আমেৰিকা আৰু ইৰাণৰ মাজত যুঁজ হ’ব পাৰে। দৰাচলতে যদি আমেৰিকা আৰু ইৰাণ দুয়োটা দলে নিজৰ নিজৰ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে, তেন্তে ৩ জুলাইত ডালাছত অনুষ্ঠিত হ’বলগীয়া এলিমিনেচন মেচত দুয়োখন দেশৰ মুখামুখি হ’ব পাৰে।

Exit mobile version