কামৰূপ মহানগৰৰ ৰাজনৈতিক সমীকৰণ এইবাৰ ভোটগণনাৰ লগে লগে স্পষ্ট হৈ উঠিবলৈ ধৰিছে। ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চলটোত থকা পাঁচটা সমষ্টি—মধ্য গুৱাহাটী, দিছপুৰ, নিউ গুৱাহাটী, জালুকবাৰী আৰু ডিমৰীয়া—এই সকলো সমষ্টিতেই বৰ্তমান অগ্ৰগতি লাভ কৰিছে এনডিএ জোটে।
মধ্য গুৱাহাটী সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত বিজয় কুমাৰ গুপ্তায়ে ২৬,৯৫৫টা ভোট লাভ কৰাৰ বিপৰীতে কুংকি চৌধুৰীয়ে লাভ কৰিছে ১৪,১২১টা ভোট। ইয়াৰ ফলত ১২,৮৩৪টা ভোটত স্পষ্টভাৱে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।
উল্লেখযোগ্য যে তৃতীয় ৰাউণ্ডৰ অন্ততো গুপ্তাই ১৬,৮৯২টা আৰু কুংকিয়ে ৯,৫২৪টা ভোট লাভ কৰি ৭,৩৬৮টা ভোটত আগবাঢ়ি আছিল।
এই সমষ্টিটো এইবাৰ বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। বিজেপিৰ পৰা বিজয় কুমাৰ গুপ্তাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ যুৱনেত্ৰী কুংকি চৌধুৰীৰ প্ৰাৰ্থীত্বক লৈ যথেষ্ট চৰ্চা হৈছিল।
বিশেষকৈ নৱপ্ৰজন্মৰ মুখ হিচাপে কুংকিয়ে সামাজিক মাধ্যমতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। যদিও ভোটগণনাৰ এই পৰ্যায়ত গুপ্তাই অগ্ৰগতি বজাই ৰাখিছে।
ইফালে দিছপুৰ সমষ্টিতো প্ৰতিযোগিতা যথেষ্ট আকৰ্ষণীয় ৰূপ লৈছে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয়ে ইয়াত অগ্ৰগতি লাভ কৰিছে।
নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ শান্তনু বৰাৰ মাজত মূল যুঁজখন চলি আছে। বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি এই সমষ্টিতো বিজেপি প্ৰাৰ্থী শৰ্মাই অগ্ৰগতি বজাই ৰাখিছে।
আনহাতে ডিমৰীয়া সমষ্টিত অসম গণ পৰিষদৰ ড৹ তপন দাসয়ে আগবাঢ়ি আছে। তেওঁৰ বিপৰীতে কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
সামগ্ৰিকভাৱে চালে, কামৰূপ মহানগৰৰ ৰাজনৈতিক মানচিত্ৰত এইবাৰ এনডিএৰ অগ্ৰগতি স্পষ্টভাৱে পৰিলক্ষিত হৈছে। অৱশ্যে চূড়ান্ত ফলাফলৰ বাবে এতিয়াও অপেক্ষা কৰিব লাগিব।
