Cm Pressmeet:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সোমবাৰে সম্পন্ন হোৱাৰ নিৰ্বাচনত অসমত বিজেপি নেতৃত্বাধীন এনডিএ চমকপ্ৰদ ফলাফল লাভ কৰাৰ পিছত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই। বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থীলৈ ৰাইজে জনোৱা ব্যাপক সহাৰিৰ বাবে শুভেচ্ছা জনাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কংগ্ৰেছ নেতৃত্বাধীন ছয়দলীয় মিত্ৰজোঁটৰ শোচনীয় পৰাজয়ৰ কাৰণ সমূহ উল্লেখ কৰি কয়,অসমত প্ৰথমবাৰৰ বাবে তিনি গগৈ শীৰ্ষক থ্ৰীমেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ল বিৰোধী দল ৷ কিন্ত তেওঁলোকে পাহৰি গ’ল যে অসম বিভিন্ন জাতি জনগোষ্ঠী বিশিষ্ট ৰাজ্য ৷একেদৰে আহোম জনগোষ্ঠীতে বৰগোহাঁই ,ফুকন,গোহাঁই সহ বিভিন্ন উপাধিৰ লোক আছে ৷ এনেক্ষেত্ৰত তিনি গগৈ বুলি নকৈ তিনি খিলঞ্জীয়া বুলি কোৱাহেঁতেন খেলখন বেলেগ হৈ গ’লহেঁতেন” “মই কংগ্ৰেছত থকাহেঁতেন বহুত বেছি আসন পালেহেঁতেন৷ একেদৰে কংগ্ৰেছ দলটো মিঞাপ্ৰীতি যেন সেয়া এইবাৰ স্পষ্ট হ’ল ৷মই পূৰ্বতে কৰা পূৰ্বানুমান অনুসৰি তেওঁ লোক সংখ্যালঘু সমষ্টিৰ ২২ খনৰ ২১ খনতে সীমাবদ্ধ থাকিল ৷
আনহাতে মিঞা শব্দটো কোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ড:হীৰেন গোঁহাইয়ে গোচৰ তৰা সন্দৰ্ভতমুখ্যমন্ত্ৰীয়ে কয় যে,ড:হীৰেন গোঁহাইয়ে মোৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ দিছে ৷ মিঞা শব্দটোৰ বাবে মোৰ বিৰুদ্ধে কেচ দিছে হীৰেন গোঁহাইয়ে ৷ কিন্তু তেখেতেই মিঞা শব্দটো প্রথমে ব্যৱহাৰ কৰিছিল৷
মুখ্যমন্ত্ৰীয়ে বিৰোধীক ফেচবুকৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দি কয়,ফেচবুকৰ মানুহে ভোট দি জয়ী কৰাব নোৱাৰে কোনো এজন প্ৰাৰ্থীকে ৷ আনহাতে নাজিৰা সমষ্টিত পৰাভূত হোৱা দেৱব্ৰত শইকীয়া সম্পৰ্কতো মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,৫ বছৰৰ ভিতৰত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব৷মই কৈছিলোঁ তেওঁ হাৰিব, হৰাৰ পাছত বিজেপিলৈ আহিব’ ‘মই কোৱাৰ দৰেই সকলো হৈছে ৷ বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাৰ কথা ভাবিছে ৷
আনহাতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ প্ৰৱল আত্মবিশ্বাস সন্দৰ্ভত কয় ,তেওঁলোক ইমানেই নিশ্চিত আছিল যে বিজেপি মিত্ৰজোঁট ৪৫-৫০ ৰ ভিতৰত সীমাবদ্ধ থাকিব ৷ এনেক্ষেত্ৰত তেওঁলোকৰ প্ৰয়োজনীয় বিধায়কৰ বাবে হয়তো বিৰোধী মিত্ৰজোঁটৰ ক্ৰয় কৰাৰ সম্ভাৱনা দেখি নিৰ্বাচনী ফলাফলৰ পিছতে বিৰোধী মিত্ৰজোঁটৰ বিধায়ক সকলৰ গুৱাহাটীৰ পৰা বিশেষ চাৰ্টাড বিমানেৰে কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ এখন পঞ্চতাৰকা ৰেদি কৰা হৈছিল কৰ্ণাটকৰ উপ- মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ তত্ত্বাৱধানত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷.
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,প্রয়োজনত হাগ্রামা মহিলাৰীক মুখ্যমন্ত্ৰীৰ পদ দিব বিচাৰিছিল কংগ্রেছে ৷ অগপ আৰু বিপিএফৰ প্ৰাৰ্থীক উপ-মুখ্যমন্ত্ৰী দিয়াৰ লক্ষ্য আছিল কংগ্ৰেছৰ ৷ফলাফলৰ পূৰ্বে কংগ্ৰেছে কৰা পৰিকল্পনা যুগুত কৰিছিল ৷
আনহাতে ৰাহুল গান্ধীয়ে অসমত প্ৰচাৰ কৰা আৰু পৱন খেড়াই সংবাদমেল সম্বোধন কৰি ভূল ব্যাখ্যা দাঙি ধৰাটোও কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ পৰাজয়ৰ আন এক কাৰণ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড:শৰ্মাই কয় ,মই নিৰ্বাচনৰ সময়তে কৈছিলো যি গান্ধীয়ে য’তে প্ৰচাৰ চলাব তাতে তেওঁলোক পৰাভূত হ’ব ৷তেওঁ অসংলগ্ন কথাবাৰ্তাক অসমবাসীয়ে সহাৰি নজনায় ৷ এককথাত ক’বলৈ গ’লে তেওঁ সময়ে সময়ে কৈ থকা কেতবোৰ মন্তব্যৰ বাবে কাৰ্যত তেওঁক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে ৷ একেদৰে ভুৱা তথ্যৰে সংবাদমেল অনুষ্ঠিত কৰি পৱন খেড়াই আইনৰ আওতাত পৰি অৱশ্যেই সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা পোৱা জামিন এক সাময়িক সকাহ ৷তেওঁক আৰক্ষীয়ে বিচাৰিলেই আহিব লাগিব ৷ নতুন চৰকাৰ গঠন হোৱাৰ পিছতে তেওঁৰ বিষয়টো পুনৰ পৰ্যালোচনা কৰা হ’ব ৷ তিনি বহি:ৰাষ্ট্ৰৰ পাৰ্চপৰ্ট ভুৱাকৈ প্ৰস্তুত কৰা খেড়াক সাৰি যাবলৈ দিয়া নহ’ব ৷৷
একেদৰে মুখ্যমন্ত্ৰীয়ে অসমত নতুন চৰকাৰে শপত কেতিয়া ল’ব বুলি সাংবাদিককে সোধা এক প্ৰশ্নোত্তৰত কয়, বিজেপিৰ সংসদীয় বৰ্ডে বিজেপিৰ বিধায়িনী দলৰ দলপতি নিৰ্বাচনৰ বাবে আজি এজন পৰ্যবেক্ষক আৰু এজন সহ- পৰ্যবেক্ষক নিযুক্তি দিছে ৷ দুয়োজন হ’ল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনী৷ দুয়োজন দুই এদিনৰ ভিতৰতে অসমত উপস্থিত হ’ব ৷হয়তো ৮ মে’ৰ ভিতৰত নতুন চৰকাৰ গঠনৰ ইংগিত দিয়ে বিদায়ী মুখ্যমন্ত্ৰী গৰাকীয়ে।
