New Govt will be sworn in Khanapara Field on May 12:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্য সমাপ্ত ৰাজ্য বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২ খন আসন লাভ দিছপুৰত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিৰ সংসদ বৰ্ডে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক ক্ৰমে পৰ্যবেক্ষক ,সহ-পৰ্যবেক্ষক হিচাপি নিযুক্তি দিয়াৰ পিছতে ব্যাপক কুজকাৱাজ আৰম্ভ হৈছে বাজপেয়ী ভৱনত।
উল্লেখ্য যে বুধবাৰে ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ দাখিলৰ পিছতে বিদায়ী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে ১১মে’ৰ পিছতে এনডিএ চৰকাৰে শপত ল’ব ৷
আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি এক সংবাদমেলত দিলীপ শইকীয়াই সদৰি কৰে যে ১২মে’ত খানাপাৰাত অনুষ্ঠিত বিশাল শপত গ্ৰহণ অনুষ্ঠানত এনডিএ চৰকাৰে শপত ল’ব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১০.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে পোনেখানাপাৰালৈ ৰাওনা হৈ ১১ বজাত শপতগ্রহণ অনুষ্ঠানত ভাগ ল’ব ।
উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়া বাজপেয়ী ভৱনত নতুন চৰকাৰৰ শপত গ্ৰহণৰ বাবে এখন প্ৰস্তুতি বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷ বৈঠকত পীযুষ হাজৰিকা,জয়ন্তমল্ল বৰুৱা দিপ্লু ৰঞ্জন শৰ্মা সহ কে’বাোজনো নেতাই অংশ লয় ৷
মনকৰিবলগীয়া যে এনডিএ মিত্ৰজোটৰ দলপতি হিচাপে ইতিমধ্যে একক হিচাপে নাম উচ্চাৰিত হৈছে বিদায়ী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ বুধবাৰে অগপৰ বিধায়িনী বৈঠকত মুখ্যমন্ত্ৰী পদৰ বাবে ড:শৰ্মাৰ নাম প্ৰস্তাৱ লয় ৷ একদৰে বিপিএফেও ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ বাবে ড:শৰ্মাৰ নাম লোৱাৰ সমান্তৰালভাৱে বিজেপিৰ বিধায়িনী দলপতি বাবে ড: শৰ্মাৰ নামটো একক ভাৱে চৰ্চিত হৈ আহিছে ৷এনেক্ষেত্ৰত দেওবাৰে দলৰ বিধায়িনী বৈঠকত মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি দুই কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত মুখ্যমন্ত্ৰী পদৰ বাবে ড:হিমন্ত বিশ্ব শৰ্মাৰ নামটোত মোহৰ মাৰিব ৷
