Ex. MP kirip chaliha:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি । এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ ৷
এক সংবাদমেলত চলিহাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। অভিযোগসমূহ উত্থাপন কৰি তেওঁ নিজৰ বাবে সুৰক্ষাও বিচাৰে। প্রাক্তন সাংসদজনে কয় যে মুখ্যমন্ত্রী শর্মাই তেওঁক প্রাণ কাঢ়িব বুলি গভীৰ শংকা হৈছে। চলিহাই কয়, ‘যিজন হিমন্ত বিশ্ব শর্মাই বিদিশা, কুংকিক আক্ৰমণ কৰিব পাৰে, সেইজনে মোৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰাৰ কাৰণেই নাই। হিমন্ত বিশ্ব শৰ্মাৰ জীৱনেই হ’ল অপৰাধীৰ জীৱন। আলফা নাছিল নেকি? গতিকে মই সুৰক্ষা বিচাৰিছো।’
মুখ্যমন্ত্রী শৰ্মাৰ ভাৰত বিৰোধী অপশক্তিৰ লগতো হলিগলি আছে বুলি অভিযোগ কৰি চলিহাই কয়, ‘মুছলমানৰ বিৰুদ্ধে কথা কোৱা, গৰু খোৱাৰ কথা কোৱা হিমন্ত বিশ্ব শর্মাই ইছলাম ধর্মও গ্রহণ কৰিছিল। কোনোবা মৌলবীৰ তত্ত্বাৱধানত ইছলাম ধর্ম লৈছিল। চিষ্টি নামধাৰী মৌলবীৰ লগত তেওঁৰ কিহৰ ইমান সম্পর্ক? তেওঁ যে বাংলাদেশলৈ যায়, লগত কোন কোন গৈছিল জনাব লাগে। হিমন্ত বিশ্ব শর্মাইতো ধর্মীয় আৰু ব্যক্তিগত কাৰণত পূজা- পাতল কৰি থাকে। কালিকা লগা পূজাও কৰে। শ্মশানলৈ গৈ মানুহৰ হাড় লৈও পূজা কৰে। এইবোৰ কাৰণতে তেওঁ বাংলাদেশলৈ গৈছিল নেকি? আমাক তেওঁ জনাব লাগে যে তেওঁ কেতিয়াবা মছজিদ, দৰগাহ, মাদ্রাছাত নামাজ আদায় কৰিছিল নেকি?’
বাংলাদেশৰ ভাৰত বিৰোধী সংগঠন জামাত-ঈ-ইছলামীৰ লগত লগত সম্পর্ক থকাৰ অভিযোগো কৰে চলিহাই। তেওঁ কয়, ‘জামাত-ঈ- ইছলামীৰ নেতাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কি সম্পর্ক? তেওঁ সংগঠনটোৰ সদস্য-বিষয়াৰ লগত ক’ৰবাত গোপনে মিলিত হৈছিল নেকি? তেওঁ জামাত-ঈ-ইছলামীৰ নেতাক গোপনে কিমানবাৰ সাক্ষাৎ কৰিছিল? শ্বেইখ হাছিনা বিৰোধী সংগঠনৰ লগত ক’ৰবাত মিলিত হৈছিল নেকি? ইছলাম নামৰ তৃতীয় পক্ষৰ মানুহ এজনৰ জৰিয়তে তেওঁ কাৰোবাক আর্থিক সাহায্য আগবঢ়াইছিল নেকি? আমি নামবোৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক দিছো।’
ইপিনে, মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ অন্তৰালতো মুখ্যমন্ত্রী শৰ্মাৰ হাত থকাৰ অভিযোগ প্রাক্তন সাংসদ চলিহাই উত্থাপন কৰে। এই সন্দর্ভত চলিহাই কয়, ‘মণিপুৰত কুকি আৰু মেইটেইৰ মাজত যি সংঘর্ষ লাগিছিল তাত ড্রাগছ, ছুপাৰী আৰু উগ্রপন্থীৰ অস্ত্ৰৰ বজাৰখনৰ কাৰণ সোমাই আছে। সেই বজাৰখন হিমন্ত বিশ্ব শৰ্মাই দখলৰ বাবেই এই সংঘর্ষ লগাইছিল?’
মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকেই চৰম অপমান কৰা বুলিও চলিহাই মন্তব্য কৰে। এই সন্দর্ভতো তেওঁ কয়, ‘প্রধানমন্ত্ৰীৰ অন্যতম এটা শ্ল’গান হ’ল-না খাউংগা, না খানে দুংগা। হিমন্ত বিশ্ব শৰ্মাৰ কথা হ’ল সব খাউংগা, খাতে হুংগা। গতিকে মোদীক এনেদৰে হিমন্ত বিশ্ব শর্মাইহে অপমান কৰিব পাৰে, আনে নোৱাৰে। সেই কাৰণে আমি আজি হিমন্ত বিশ্ব শর্মাক ২১ শতিকাৰ আধুনিক বকাসুৰ উপাধি প্রদান কৰিলো।’ চলিহাই কয় যে আজি তেওঁ যিবোৰ বিষয় ৰাজহুৱা কৰিলে, তথ্যসহ সেইবোৰ প্ৰধানমন্ত্ৰীক দাখিল কৰিছে। গতিকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি উত্তৰ আহে তালৈ অপেক্ষা কৰিছে। এই অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে চলিহাই।





























