বিগত ২৪ ঘণ্টাত সমগ্ৰ ভাৰতত কৰ’না আক্ৰান্ত হোৱা লোকৰ ভিতৰত ৮১ শতাংশই মহাৰাষ্ট্ৰ, কৰ্ণাটক, চট্টিছগড়, দিল্লী, তামিলনাডু, উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু মধ্যপ্ৰদেশৰ বাসিন্দা । ইতিমধ্যে ভাৰতৰ সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ছয় লাখ ৫৮ হেজাৰ ৯০৯ জন । এদিনতে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৪৪ হেজাৰ ২১৩ জনলৈ বৃদ্ধি পাইছে ।
সংক্ৰমণৰ তালিকাত প্ৰথম ১০ খন জিলাৰ ভিতৰত আছে পুনে, মুম্বাই, নাগপুৰ, থানে, নাছিক, বাংগালোৰু (চহৰ), ঔৰংগাবাদ, দিল্লী, আহমেদ নগৰ, নন্দেড় । এই জিলাসমূহতে দেশৰ মুঠ আক্ৰান্তৰ ৫০ শতাংশৰ সন্ধান পোৱা গৈছে । বিগত দুমাহৰ ভিতৰত মহাৰাষ্ট্ৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ন গুন বৃদ্ধি পাইছে । পঞ্জাৱটো সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা বিপুল হাৰত বৃদ্ধি পাইছে ।
দেশৰ মুঠ সক্ৰিয় ক’ভিড ৰোগীৰ ভিতৰত ৭৭.৩ শতাংশই পাঁচখন ৰাজ্যৰ বাসিন্দা । এই তালিকাত আছে মহাৰাষ্ট্ৰ, চট্টিছগড়, কৰ্ণাটক, কেৰালা, পঞ্জাৱ । সক্ৰিয় ৰোগীৰ ভিতৰত ৫৯ শতাংশৰো অধিক মহাৰাষ্ট্ৰৰ বাসিন্দা ।